Link to home pageLanguagesLink to all Bible versions on this site

ৰূথ
গ্রন্থ ৰচয়িতা
ৰূথ পুস্তকত বিশেষকৈ ৰচকৰ নাম দিয়া হোৱা নাই। পৰম্পৰাগতবাবে ‘ৰূথ পুস্তক’ খন ভাববাদী চমুয়েলৰ দ্বাৰা লিখা হোৱা বুলি কয়। এইটোক কোৱা হয় সকলোতকৈ সুন্দৰভাবে লিখা চুটি কাহিনী বুলি। পুস্তক খনৰ শেষৰ কথা সমূহে ৰূথৰ সৈতে তেওঁৰ নাতি দায়ুদক জড়িত কৰাইছে (ৰূথ 4:17-22), সেয়ে আমি জানিব পাৰোঁ যে এই পুস্তক খন দায়ুদৰ অভিষেকৰ পাছত লিখা।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 1030 - 1010 খ্রীষ্টপূর্বৰ ভিতৰত।
‘ৰূথ পুস্তক’ৰ মাজত অন্তর্ভুক্ত ঘটনা সমূহৰ সময় মিচৰৰ পৰা যাত্রা কৰি অহা সময়ৰ সৈতে সংযুক্ত কৰা হয়, তাতে ৰূথৰ ঘটনা বিচাৰকর্তাসকলৰ বিজয় আৰু বিচাৰকর্তাসকলৰ বিজয়ৰ সময়ৰ লগত যুক্ত কৰা হয়।
প্রাপক
ৰূথ পুস্তকৰ পঠক হিচাপে কোনো লোকক বিশেষভাবে চিহ্নিত কৰা হোৱা নাই। সম্ভৱতঃ, এই পুস্তক খনৰ মূল দয়ুদৰ সময়ত স্থাপিত সংযুক্ত ৰাজতন্ত্রৰ সময়ত লিখা হৈছিল, 4:22।
উদ্দেশ্য
ৰূথ পুস্তক খনে দেখুৱাই যে বাধ্যতাই ইস্রায়েলসকললৈ আশীর্বাদ কঢ়িয়াই আনিছে। ইয়ে দেখুৱাই যে তেওঁলোকৰ ঈশ্বৰ প্রেমময়, তেওঁলোকৰ ঈশ্বৰৰ প্রকৃতি বিশ্বাসযোগ্য। এই পুস্তক খনে প্রদর্শন কৰে যে, ঈশ্বৰে তেওঁৰ লোকসকলৰ ক্রন্দনৰ উত্তৰ দিয়ে। তেওঁ যি প্রচাৰ কৰে বা কয়, সেয়াই তেওঁ চর্চা কৰে। তেওঁ নয়মী আৰু ৰূথৰ বাবে প্রদান কৰা দৃষ্টি; দুজনী বিধৱাই সামান্য সম্ভাৱনাৰ সৈতে এটা ভৱিষ্যতক দেখিবলৈ পায়। তেওঁ আমাৰ বাবে যি কয় সেই কামকে কৰিবলৈ যত্নপৰ হয় (যিৰিমিয়া 22:16; যাকোব 1:27)।
মূল বিষয়
পুনৰুদ্ধাৰ।
প্রান্তৰেখা
1. নয়মি আৰু তেওঁৰ পৰিয়ালৰ দুখঃজনক অভিজ্ঞতা — 1:1-22
2. ৰূথে বোৱজৰ সৈতে মিল হোৱা, নয়মিৰ আত্মীয়সকলৰ পথাৰৰ শস্যক্ষেত্রত — 2:1-23
3. নয়মিয়ে ৰূথক বোৱজৰ ওচৰলৈ যোৱাৰ নির্দেশ — 3:1-18
4. ৰূথ উদ্ধাৰ হয় আৰু নয়মিক পুনৰুদ্ধাৰ কৰা হয় — 4:1-22

1 অধ্যায়
1 বিচাৰকৰ্ত্তা সকলে শাসন কৰা সময়ত, দেশত এবাৰ আকাল হৈছিল৷ সেয়ে যিহূদাৰ বৈৎলেহেমৰ এজন ব্যক্তিয়ে তেওঁৰ ভাৰ্যা আৰু তেওঁৰ পুতেক দুজনৰ সৈতে মোৱাব দেশত বাস কৰিবলৈ গৈছিল। 2 সেই ব্যক্তিৰ নাম ইলীমেলক আছিল। তেওঁৰ ভাৰ্যাৰ নাম নয়মী, অাৰু তেওঁৰ পুতেক দুজনৰ নাম মহলোন আৰু কিলিয়োন আছিল৷ তেওঁলোক যিহূদাৰ বৈৎলেহেম নিবাসী ইফ্ৰাথীয়া মানুহ আছিল। তেওঁলোকে মোৱাব দেশলৈ গ’ল আৰু সেই দেশ পোৱাৰ পাছত তেওঁলোকে তাতে বাস কৰিবলৈ ল’লে। 3 পাছত নয়মীৰ স্বামী ইলীমেলকৰ মৃত্যু হ’ল আৰু তেওঁ পুত্র দুজনৰ সৈতে তাতে নিবাস কৰিবলৈ ল’লে। 4 তেওঁৰ পুত্র দুজনে তাতে দুজনী মোৱাবীয়া ছোৱালী বিয়া কৰালে; তাৰে এজনীৰ নাম অর্পা আৰু আন এজনীৰ নাম ৰূথ। তেওঁলোকে সেই ঠাইত প্ৰায় দহ বছৰ বসবাস কৰি থাকিল। 5 তাৰ পাছত মহলোন আৰু কিলিয়োন নামৰ এই পুত্র দুজনৰো মৃত্যু হ’ল; নয়মী পুত্ৰহাৰা আৰু স্বামীহীনা হ’ল।

6 পাছত নয়মীয়ে দুজনী বোৱাৰীয়েকৰে সৈতে মোৱাব দেশ ত্যাগ কৰি যিহূদা দেশলৈ উভটি যোৱাৰ সিদ্ধান্ত ল’লে৷ তেওঁ মোৱাব দেশতে শুনিবলৈ পাইছিল যে, যিহূদা দেশত থকা নিজৰ লোকসকলক যিহোৱাই প্রয়োজনৰ সময়ত সহায় কৰে আৰু খোৱা বস্তু যোগায়। 7 সেয়ে নয়মীয়ে বোৱাৰী দুজনীৰ সৈতে সেই দেশ পৰিত্যাগ কৰি যিহূদা দেশলৈ খোজকাঢ়ি উভতি আহিবলৈ সিদ্ধান্ত ল’লে৷

8 সেয়ে নয়মীয়ে বোৱাৰীয়েক দুজনীক ক’লে, “তোমালোকে নিজ নিজ মাতৃৰ ঘৰলৈ উভটি যোৱা, তোমালোকে যি দৰে মৃতবোৰলৈ আৰু মোলৈকো দয়া কৰিছিলা, সেইদৰে যিহোৱাই তোমালোককো দয়া কৰক। 9 তোমালোকে যেন পুনৰ স্বামী গ্ৰহণ কৰি তেওঁলোকৰ ঘৰত বিশ্ৰাম কৰিব পোৱা, যিহোৱাই তোমালোকক এনে বৰ দিয়ক।” তাৰ পাছত তেওঁ দুয়োকে চুমা খোৱাত, তেওঁলাকে চিঞঁৰি কান্দিবলৈ ধৰিলে। 10 আৰু তেওঁক তেওঁলোকে ক’লে, “নহয় নহয়; আমি হ’লে আপোনাৰ লগত আপোনাৰ লোকসকলৰ ওচৰলৈ যাম।” 11 তেতিয়া নয়মীয়ে ক’লে, “হে মোৰ আইটিহঁত উভটি যোৱা; তোমালোকে মোৰ লগত কিয় যাব ওলাইছা? তোমালোকৰ স্বামী হ’বৰ বাবে এতিয়া জানো মই গৰ্ভত পুত্ৰ ধাৰণ কৰিব পাৰিম? 12 হে মোৰ আইটিহঁত, নিজ বাটে উভটি যোৱা, কিয়নো মই অতি বৃদ্ধা, আকৌ বিয়া হ’ব নোৱাৰো, আৰু যদিও মোৰ আশা আছে বুলি মই কওঁ, আৰু মই বিয়া হৈ আজি ৰাতিয়েই যদি পুত্ৰ প্ৰসৱ কৰোঁ, 13 তথাপি তোমালোকে জানো সিহঁত ডাঙৰ হোৱালৈকে সিহঁতৰ কাৰণে বিয়া নোহোৱাকৈ অপেক্ষাত থাকিব পাৰিবা? হে মোৰ আইটিহঁত, মই তোমালোকতকৈয়ো অতি বেছি দুখিত, কাৰণ যিহোৱাৰ হাত মোৰ বিৰুদ্ধে উঠিল।” 14 তেতিয়া তেওঁলোকে পুনৰ চিঞঁৰি কান্দিবলৈ ধৰিলে, আনহাতে অর্পাই শাহুৱেকক চুমা খাই বিদায় ল’লে; কিন্তু ৰূথ তেওঁৰ লগতে থাকিল।

15 তেতিয়া নয়মীয়ে ক’লে, “সৌৱা চোৱা, তোমাৰ জায়েৰাই নিজ লোকসকলৰ আৰু নিজ দেৱতাৰ ওচৰলৈ ঘূৰি গ’ল; তুমিও তোমাৰ জায়েৰাৰ সৈতে উভটি যোৱা।” 16 কিন্তু ৰূথে ক’লে, “আপোনাক এৰি আপোনাৰ ওচৰৰ পৰা যাবলৈ মোক নকব৷ কিয়নো, আপুনি য’লৈকে যাই, ময়ো তালৈকে যাম, আৰু আপুনি য’ত থাকিব, মইয়ো তাতে থাকিম, আপোনাৰ লোকসকলে মোৰ লোক হ’ব, আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হ’ব৷ 17 আপোনাৰ যি ঠাইত মৃত্যু হ’ব, মোৰো সেই ঠাইতে মত্যু হ’ব, আৰু তাতেই মোৰ মৈদামো হ’ব; কেৱল মৃত্যুৰ বাহিৰে আন কোনোৱে যদি মোক আপোনাৰ পৰা পৃথক কৰিব পাৰে, তেন্তে যিহোৱাইহে মোক অধিক দণ্ড দিয়ক।” 18 যেতিয়া নয়মীয়ে দেখিলে যে, ৰূথ তেওঁৰ লগত যাবলৈ দৃঢ় প্ৰতিজ্ঞ, তেতিয়া তেওঁ তাইক পুনৰ বাধা নকৰিলে।

19 পাছত তেওঁলোক দুয়ো বৈৎলেহেম চহৰ নোপোৱালৈকে গৈ থাকিল আৰু তেওঁলোকে বৈৎলেহেম নগৰ পোৱাৰ পাছত, তেওঁলোকৰ বিষয় লৈ নগৰৰ লোকসকল উত্তেজিত হৈ পৰিল, আৰু মহিলাসকলে আহি সুধিলে, “এৱেঁই নয়মী নহয় নে?” 20 তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোক নয়মী[a] বুলি নামাতিবা, কিন্তু মাৰা[b] বুলি মাতিবা। কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ জীৱন তিক্ততাৰে পৰিপূৰ্ণ কৰিলে। 21 মই পূৰ্ণ সংসাৰ লৈ ওলাই গৈছিলোঁ, কিন্তু যিহোৱাই মোৰ সংসাৰ শূন্য কৰি ঘৰলৈ উভটাই আনিলে। সেয়ে তোমালোকে মোক কিয় নয়মী বুলি মাতিছা? যিহোৱাই মোৰ বিৰুদ্ধে সাক্ষ্য দিছে, আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে মোক যাতনাদায়ক কৰিলে।”

22 এইদৰে নয়মী আৰু তেওঁৰ মোৱাবীয়া বোৱাৰীয়েক ৰূথ মোৱাব দেশৰ পৰা উভটি আহিল আৰু তেওঁলোকে যৱ ধান দাৱলৈ আৰম্ভ কৰা কালত বৈৎলেহেম আহি পালে।

ৰূথ 2 ->