4 সেই সিংহাসন খনৰ চাৰিওফালে চৌবিশ খন সিংহাসন আছিল; সেই সিংহাসনবোৰৰ ওপৰত বগা বস্ত্ৰ আৰু মুৰত সোণৰ কিৰীটি পিন্ধা চৌবিশ জন পৰিচাৰক বহি আছিল। 5 সেই সিংহাসনৰ পৰা বিজুলীৰ দৰে মাত আৰু মেঘ-গৰ্জ্জন ওলাইছিল; সেই সিংহাসনৰ আগত জ্বলি থকা অগ্নিৰ সাতোটা প্ৰদীপ আছিল, আৰু সেইবোৰেই আছিল ঈশ্বৰৰ সাত আত্মা৷
6 সেই সিংহাসনৰ সন্মুখত এখন স্ফটিকৰ দৰে স্ৱচ্ছ সমুদ্ৰ আছিল। সেই সিংহাসনৰ চাৰিওফালে চাৰি প্ৰাণী আছিল, তেওঁলোকৰ আগফাল আৰু পাছফাল চকুৰেই পৰিপূৰ্ণ আছিল।
7 প্ৰথম প্ৰাণী সিংহৰ নিচিনা, দ্বিতীয় প্ৰাণী দামুৰিৰ নিচিনা, তৃতীয় প্ৰাণী মানুহৰ নিচিনা মুখ থকা আৰু চতুৰ্থ প্ৰাণী উড়ি ফুৰা ঈগল পক্ষীৰ নিচিনা আছিল। 8 সেই চাৰি প্ৰাণীৰ প্ৰত্যেকৰ ছয় খনকৈ ডেউকা আৰু সেই প্ৰাণীবোৰৰ বাহিৰে ভিতৰে চকুৰেই পৰিপূৰ্ণ আছিল৷ তেওঁলোকে অবিৰাম দিনে-ৰাতিয়ে এই বুলি কৈ থাকে,
9 যেতিয়া সেই প্ৰাণীবোৰে চিৰকাল সিংহাসনত বহা সেই জীৱিত জনৰ মহিমা, সমাদৰ আৰু ধন্যবাদ কৰিব, 10 তেতিয়া সেই চৌবিশ জন পৰিচাৰকে সিংহাসনত বহা জনৰ আগত দণ্ডৱৎ হৈ চিৰকাল জীৱিত জনৰ আগত প্ৰণিপাত কৰি, সেই সিংহাসনৰ আগত তেওঁলোকৰ কিৰীটিবোৰ পেলাই ক’ব,