2 তেতিয়া প্ৰথম জন দূতে গৈ পৃথিৱীত নিজৰ বাটি বাকি দিলে; তাতে সেই পশুৰ ছাব থকা আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা লোক সকলৰ গাত জঘন্য আৰু ক্লেশ-দায়ক বিষম ঘা হ’ল।[a]
3 দ্বিতীয় জন দূতে সাগৰত নিজৰ বাটি বাকি দিলে; তাতে সেয়ে মৃত লোকৰ তেজৰ নিচিনা হ’ল; আৰু সাগৰত থকা আটাই জীৱিত প্ৰাণী মৰিল।
4 তৃতীয় জন দূতে নদী আৰু জলৰ ভুমুকবোৰত নিজৰ বাটি বাকি দিলে; তাতে সেয়ে তেজ হৈ বৈ গ’ল। 5 তেতিয়া জলৰ দূত জনক এই কথা কোৱা শুনিলোঁ,
8 চতুৰ্থ দূত জনে সুৰ্য্যৰ ওপৰত নিজৰ বাটি বাকি দিলে; আৰু মানুহক জুইৰে তাপিত কৰিবলৈ তেওঁক ক্ষমতা দিয়া হ’ল। 9 তেতিয়া মানুহবোৰে বৰ তাপেৰে তাপিত হৈ, এইবোৰ উৎপাতৰ ওপৰত ক্ষমতা থকা ঈশ্বৰৰ নামক নিন্দা কৰিলে৷ সিহঁতে তেওঁৰ মহিমা স্বীকাৰ নকৰিলে আৰু মন-পালটন নকৰিলে।
10 পঞ্চম দূত জনে পশুৰ সিংহাসনৰ ওপৰত নিজৰ বাটি বাকি দিলে; তাতে তাৰ ৰাজ্য অন্ধকাৰময় হ’ল; আৰু তেওঁলোকে মনোকষ্টত নিজ নিজ জিভা কামুৰিলে; 11 আৰু নিজ নিজ বেদনা আৰু ঘা বোৰৰ কাৰণে স্বৰ্গৰ ঈশ্বৰক নিন্দা কৰি নিজ নিজ কৰ্মৰ পৰা মন-পালটন নকৰিলে।
12 ষষ্ঠ দূত জনে ফৰাৎ মহা-নদীত নিজৰ বাটি বাকি দিলে; তাতে পূব দিশৰ পৰা অহা ৰজা সকলৰ পথ প্ৰস্তুত কৰিবলৈ, সেই নদীৰ পানী শুকাই গ’ল। 13 পাছত সেই ড্ৰেগনৰ[b] মুখৰ পৰা, পশুৰ[c] মুখৰ পৰা আৰু ভাঁৰিকোৱা ভাববাদীৰ মুখৰ পৰা, ভেকুলিৰ সদৃশ তিনটা অশুচি আত্মা ওলোৱা দেখিলোঁ। 14 কিয়নো সিহঁত ভূতবোৰৰ আত্মা, আচৰিত চিন দেখুৱাওঁতা; সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজা সকলক গোট খুৱাবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ ওলাই গ’ল।
15 (মন কৰিবা! মই চোৰৰ[d]নিচিনাকৈ আহিম। ধন্য এনে লোক যি জনে নিজ গাত বস্ত্ৰ ৰাখি[e]জাগি থাকে, যাতে তেওঁ উলঙ্গ হৈ বাহিৰলৈ ওলাব নালাগে আৰু তেওঁৰ লাজ আন লোকে দেখা নাপায়।) 16 পাছত সিহঁতে ইব্ৰী ভাষাত হৰমাগিদ্দোন বোলা এখন ঠাইত ৰজা সকলক গোট খোৱালে।
17 সপ্তম দূত জনে আকাশত নিজৰ বাটি বাকি দিলে; তাতে সেই মন্দিৰ আৰু সিংহাসনৰ পৰা এই মহা-বাণী ওলাল, ‘এইটো কৰা হ’ল৷’ 18 তেতিয়া বিজুলী, গুমগুমনি, মেঘ-গৰ্জ্জন আৰু মহা-ভুমিকম্প হ’ল, তেনে ভুমিকম্প পৃথিৱীত মনুষ্য সৃষ্টি হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল; এই ভুমিকম্প অতি ভয়ানক আছিল৷ 19 তাতে মহা-নগৰ খন তিনি ভাগত বিভক্ত হ’ল আৰু অনা-ইহুদী সকলৰ নগৰবোৰ পৰিল; আৰু ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসেৰে পৰিপূৰ্ণ পান-পাত্ৰ সেই মহান বাবিলক দিবলৈ, ঈশ্বৰৰ দৃষ্টিতে তাক সোঁৱৰণ কৰা গ’ল।
20 আৰু আটাই দ্বীপ নোহোৱা হ’ল, পৰ্বতবোৰো পুনৰ পোৱা নগ’ল। 21 আৰু মানুহৰ ওপৰত, আকাশৰ পৰা এমোন এমোন গধুৰৰ মহা-শিলাবৃষ্টি হ’ল; এই শিলা-বৃষ্টিৰূপ উৎপাতৰ কাৰণে মানুহে ঈশ্বৰক নিন্দা কৰিলে; কিয়নো সেই উৎপাত অতি ভয়ানক।
<- প্ৰকাশিত বাক্য 15প্ৰকাশিত বাক্য 17 ->