8 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত।
1 হে আমাৰ প্ৰভু যিহোৱা, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!
তুমি তোমাৰ গৌৰৱ আকাশমণ্ডলৰ ওপৰত স্থাপন কৰিলা।
2 শিশু আৰু পিয়াহ খোৱা কেঁচুৱাৰ মুখৰ প্রশংসাৰে
তোমাৰ শত্রুবোৰৰ কাৰণে
তুমি এক কোঁঠ স্থাপন কৰিলা,
যাতে তোমাৰ শত্রু আৰু প্রতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা।
3 যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰু
তাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ,
4 তেতিয়া মই ভাৱো, মানুহনো কি যে, তুমি তেওঁলোকৰ বিষয়ে চিন্তা কৰা?
মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলোকৰ বুজ-বিচাৰ লোৱা?
5 কিয়নো তুমি তেওঁলোকক তোমাতকৈ*স্বর্গদূতসকলতকৈ অলপহে সৰু কৰি স্রজন কৰিলা†ইব্রী 2:7,
গৌৰৱ আৰু মৰ্য্যদাৰূপ মুকুটেৰে তেওঁলোকক বিভুষিত কৰিলা।
6 তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা;
সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা‡ইব্রী 2:9; সেইবোৰ -
7 মেৰ-ছাগ, ষাঁড় আদিকে ধৰি পথাৰৰ সকলো পশুৰ জাক,
8 আকাশত উৰি ফুৰা পক্ষীবোৰ, সমুদ্ৰৰ মাছবোৰ
আৰু সাগৰৰ সোঁতত ঘূৰি ফুৰা অন্যান্য সকলো প্রাণী।
9 হে যিহোৱা, আমাৰ প্ৰভু,
গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!
<- গীতমালা 7গীতমালা 9 ->
*8 অধ্যায়:5 স্বর্গদূতসকলতকৈ
†8 অধ্যায়:5 ইব্রী 2:7
‡8 অধ্যায়:6 ইব্রী 2:9