Link to home pageLanguagesLink to all Bible versions on this site
77 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিদুথনৰ অৰ্থে আচফৰ ৰচিত গীত।
1 মই উচ্চ স্বৰেৰে ঈশ্বৰৰ আগত কাতৰোক্তি কৰিম;
মই ঈশ্বৰৰ ওচৰত উচ্চ স্বৰেৰে কাতৰোক্তি কৰিম মোৰ ঈশ্বৰে মোৰ কথা শুনিব।
2 সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো;
গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলোঁ; মই ক্লান্ত হৈ নপৰো।
মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল।
3 মই যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, তেতিয়া ক্রন্দন কৰোঁ;
মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। [চেলা]
4 তুমিয়েই টোপনি যোৱাৰ পৰা মোৰ চকুৰ পিৰিকতিক মেলি ৰাখিলা;
মই অতিশয় যাতনাত আছিলোঁ আৰু সেয়ে কথাও কব পৰা নাছিলো।
5 মই অতীতৰ কথাবোৰ চিন্তা কৰিছিলোঁ;
অনেক অনেক বছৰৰ আগৰ কথা মই চিন্তা কৰিছিলোঁ।
6 ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে;
ৰাতি মই মোৰ হৃদয়ত গভীৰ ভাৱে চিন্তা কৰিছিলোঁ;
মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে*মই মোৰ গীত সোঁৱৰন কৰো, মোৰ হৃদয়ত। ;
7 “যিহোৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি?
তেওঁ মোক পুনৰ কেতিয়াও দয়া নকৰিব নেকি?
8 তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি?
তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি?
9 ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গ’ল নেকি?
তেওঁ খঙতে নিজৰ মমতাকো বন্ধ কৰি দিলে নেকি? [চেলা]
10 মই কলোঁ, “মোৰ এইটোৱে দুখ যে সৰ্ব্বোপৰি জনাৰ সোঁ হাত সলনি হৈছে।”
11 যিহোৱাই কৰা সকলো কাৰ্যৰ কথা মই সোঁৱৰিম;
পূর্ব কালত তুমি কৰা আচৰিত কৰ্মবোৰ মই সোঁৱৰণ কৰিম।
12 তোমাৰ সকলো কাৰ্যৰ বিষয়ে মই ধ্যান কৰিম;
তোমাৰ মহৎ কার্যবোৰ গভীৰ ভাৱে চিন্তা কৰিম।
13 হে ঈশ্বৰ, তোমাৰ পথপবিত্ৰস্থান পবিত্ৰ;
আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে?
14 তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা।
15 তুমি যাকোব আৰু যোচেফৰ বংশৰ সন্তান সকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। [চেলা]
16 হে ঈশ্বৰ, সমুদ্রৰ জলসমুদ্ৰ সমূহে তোমাক দেখিলে;
জল§সমুদ্ৰ সমূহে তোমাক দেখি ভয় খালে;
তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল।
17 মেঘে জলৰাশিক তললৈ ঢালি দিলে; আকাশত বজ্রই গৰ্জ্জন কৰিলে;
তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে।
18 বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল;
তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে।
19 সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল;
মহাজলৰাশিৰ মাজত তোমাৰ বাট আছিল; কিন্তু তোমাৰ ভৰিৰ চিহ্ন তাত দেখা নগল।
20 মোচি আৰু হাৰোণৰ হতুৱাই মেৰ-ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।

<- গীতমালা 76গীতমালা 78 ->