Link to home pageLanguagesLink to all Bible versions on this site
46 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত। অলামোৎ সুৰত গাবলগীয়া সঙ্গীত।
1 ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল,
সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
2 এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে,
3 যদিও জল সমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে,
যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা)
4 এখন নদী আছে; তাৰ সুঁতিবোৰে ঈশ্বৰৰ নগৰক আনন্দময় কৰি তোলে,
আনন্দময় কৰি তোলে সৰ্ব্বোপৰি জনা থকা সেই পবিত্ৰ স্থান।
5 ঈশ্বৰ সেই নগৰৰ মাজত থাকে; সেয়ে তাই বিচলিত নহ’ব।
অতি পুৱাতেই ঈশ্বৰে তাইক সহায় কৰিব।
6 জাতিবোৰে হৈ চৈ কৰিছে; আৰু ৰাজ্যবোৰ উচ্ছন্ন হৈছে;
তেওঁ গর্জন কৰি উঠিছে আৰু পৃথিৱী দ্রৱীভূত হ’ল।
7 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে;
যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
8 আহাঁ, যিহোৱাৰ কার্য-কলাপ চোৱা,
তেওঁ পৃথিবীত ধ্বংস আনিছে।
9 তেওঁ পৃথিবীৰ সকলো যুদ্ধ বন্ধ কৰে,
তেওঁ ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে,
ৰথবোৰ জুইত পোৰে।
10 যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত*যুদ্ধবোৰ বন্ধ কৰা হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা!
সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব,
পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
11 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে;
যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)

<- গীতমালা 45গীতমালা 47 ->