Link to home pageLanguagesLink to all Bible versions on this site
114 অধ্যায়
1 ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল,
যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল,
2 তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান,
ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য।
3 সমুদ্ৰই[a] তাকে দেখি পলায়ন কৰিলে;
যৰ্দ্দন নদী উজাই গ’ল।
4 পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ,
পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে।
5 হে সমুদ্ৰ, তোমাৰ কি হ’ল?
কিয় তুমি পলাই গ’লা?
হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা?
6 হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা?
হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা?
7 হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা,
যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা।
8 তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে,
চক্‌মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।

<- গীতমালা 113গীতমালা 115 ->