Link to home pageLanguagesLink to all Bible versions on this site

নহিমিয়া
গ্রন্থ ৰচয়িতা
ইহুদি ঐতিহ্যই নহিমিয়া (যিহোৱাৰ সান্ত্বনা) ক নিজকে এই ঐতিহাসিক গ্রন্থৰ প্রাথমিক লিখক হিচাপে চিহ্নিত কৰে। এই পুস্তকৰ বহুতো বিষয় প্রথম ব্যক্তিত্বৰ দৃষ্টিকোণৰ পৰা লিখা হৈছে। তেওঁৰ তাৰুণ্য বা পটভূমি সম্পর্কে একোৱে জনা নাযায়; আমি তেওঁক এজন প্রাপ্তবয়স্ক সেৱক হিচাপে পাৰস্য ৰজা অর্তক্ষেত্রৰ ৰাজত্বকালত ৰজাৰ পানপাত্র ধৰোঁতাৰ ৰূপত পাওঁ। (নহিমিয়া 1:11-2:1). নহিমিয়া পুস্তক খন ইজ্রা পুস্তকৰ পৰিশিষ্ট পুস্তক হিচাপে পাঠ কৰিব পাৰি, আৰু কিছুমান বিশেষজ্ঞই বিশ্বাস কৰে এই দুয়োখনে মূলতঃ এখন কিতাপ।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 457-400 খ্রীষ্টপূর্ব মাজভাগ।
এই পুস্তক খন যিহূদাত লিখা, সম্ভৱতঃ যিৰূচালেমত, পাৰস্যৰ ৰাজত্বৰ কিছু সময়ত, সেয়া আছিল বেবিলনৰ পৰা উভতি অহাৰ পাছত।
প্রাপক
নহিমিয়া পুস্তকৰ সম্ভাব্য পাঠকসকল আছিল ইস্রায়েলীয়সকলৰ বংশধৰসকল, যিসকলে বেবিলনৰ নির্বাসনৰ পৰা উভতি আহিছিল।
উদ্দেশ্য
এই পুস্তকৰ লিখকে স্পষ্টভাবে তেওঁৰ পাঠকসকলক পৰিচয় কৰাই দিছে যে, ঈশ্বৰৰ শক্তি আৰু প্রেম তেওঁৰ মনোনীত লোকসকলৰ প্রতি থাকে, আৰু তেওঁলোকৰ বিধানেই তেওঁৰ প্রতি দয়িত্বপূর্ণ। ঈশ্বৰে প্রার্থনাৰ উত্তৰ দিয়ে। তেওঁ মানুহৰ জীবনত আগ্রহ আনি থাকে, তেওঁলোকক আদেশ পালন কৰিবলৈ যি যি প্রয়োজন সেয়া যোগান ধৰে। লোকসকলে একত্রিত হৈ কাম কৰিব লাগে আৰু তেওঁলোকৰ সম্পদ সমূহ ভাগ কৰি লোৱা উচিত। ঈশ্বৰৰ অনুসৰণকাৰীসকলৰ জীবনত স্বার্থপৰতাৰ কোনো স্থান নাই। নহিমিয়াই ধনী ব্যক্তিসকলক স্মৰণ কৰাই দিছিল আৰু পৰিষদবর্গ দৰিদ্রসকলৰ সুবিধা নিবলৈ নহয় বুলি নির্দেশ দিছিল।
মূল বিষয়
পুনৰ গঠন
প্রান্তৰেখা
1. গভর্নৰ হিচাপে নহিমিয়াৰ প্রথম কার্যকাল — 1:1-12:47
2. গভর্নৰ হিচাপে নহিমিয়াৰ দ্বিতীয় কার্যকাল — 13:1-31

1 অধ্যায়
নহিমিয়াৰ মনৰ দুখ আৰু প্ৰাৰ্থনা। হখলিয়াৰ পুত্ৰ নহিমিয়াৰ পুস্তক।
1 হখলিয়াৰ পুত্র নহিমিয়াৰ কথা:
বিশ বছৰৰ কিচ্লেব মাহত মই চুচন নগৰৰ দুৰ্গত থাকোঁতে, এইদৰে হৈছিল। 2 তেতিয়া হনানী নামৰ মোৰ এজন ভাই যিহূদাৰ পৰা কিছুমান লোকৰ সৈতে আহিছিল। মই তেওঁলোকক বন্দীত্বৰ পৰা ৰক্ষা পোৱা ইহুদী লোকসকলৰ উপৰিও যিসকল ইহুদী লোক তাত আছিল, সেই সকলৰ বিষয়ে আৰু যিৰূচালেম চহৰৰ বিষয়ে সুধিছিলো।

3 তেতিয়া তেওঁলোকে মোক ক’লে, “বন্দীত্বৰ পৰা ৰক্ষা পোৱা লোকসকল সমস্যা আৰু অপমানেৰে জৰ্জৰিত হৈ আছে। কিয়নো যিৰূচালেমৰ দেৱাল ভাঙি মুকলি হৈ আছে আৰু দুৱাৰবোৰ জুইৰে পোৰা হৈছে।”

4 এই কথা শুনাৰ লগে লগে, মই বহি ক্ৰন্দন কৰিলোঁ, আৰু মই কিছুদিন শোক কৰি লঘোন দি স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ। 5 মই কলোঁ, “হে যিহোৱা, আপুনি স্বৰ্গৰ ঈশ্বৰ, আপুনি মহান আৰু ঐশ্বৰ্য্যৱান, আপোনাক প্ৰেম কৰোঁতা আৰু আপোনাৰ আজ্ঞা পালন কৰোঁতা সকললৈ আপোনাৰ নিয়ম আৰু দয়া কেনে মহান।

6 আপোনাৰ দাস ইস্ৰায়েলী লোকসকলৰ অৰ্থে মই আপোনাৰ আগত দিনে-ৰাতিয়ে কৰা প্ৰাৰ্থনা শুনক আৰু মোলৈ দৃষ্টি কৰক। আমি আপোনাৰ বিৰুদ্ধে যি পাপ কৰিলোঁ, এনে কি মই, আৰু মোৰ পিতৃ পৰিয়ালেও যি পাপ কৰিলে, তাৰ বাবে মই ইস্রায়েলী লোকসকলৰ হৈ পাপ স্বীকাৰ কৰিছোঁ। 7 আমি আপোনাৰ বিৰুদ্ধে বহুতো পাপ কৰ্ম কৰিলোঁ, আৰু আপুনি আপোনাৰ দাস মোচিক দিয়া আজ্ঞা, বিধি, আৰু শাসন প্ৰণালীবোৰ পালন নকৰিলোঁ।

8 বিনয় কৰোঁ, আপুনি আপোনাৰ দাস মোচিক আজ্ঞা কৰা বাক্য সোঁৱৰণ কৰক। আপুনি মোচিক কৈছিল, “যদি তোমালোকে অবিশ্ৱাসীৰ দৰে কাৰ্য কৰা, মই তোমালোকক দেশৰ মাজত ছিন্ন-ভিন্ন কৰিম, 9 কিন্তু যদি তোমালোকে মোলৈ ঘুৰি আহাঁ, আৰু মোৰ আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা, তেন্তে তোমালোকৰ লোকসকল আকাশৰ অন্তভাগত ছিন্ন-ভিন্ন হৈ থাকিলেও, মই তাৰ পৰা তেওঁলোকক আনি একগোট কৰিম, আৰু মোৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে মই মনোনীত কৰা ঠাইলৈ তেওঁলোকক ঘূৰাই আনিম’।

10 তেওঁলোকেই আপোনাৰ দাস আৰু প্ৰজা, যাক আপুনি আপোনাৰ মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মুক্ত কৰিলে। 11 হে যিহোৱা, বিনয় কৰোঁ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা শুনক, আৰু যিসকলে আপোনাৰ নাম গৌৰৱাম্বিত কৰি আনন্দিত হয়, তেওঁলোকৰো প্ৰাৰ্থনা শুনক। বিনয় কৰোঁ, আজি আপোনাৰ এই দাসক কৃতকাৰ্য হ’বলৈ দিয়ক, আৰু এই ব্যক্তিৰ সাক্ষাতে তেওঁক অনুগ্ৰহ দান কৰক।”

মই ৰজাৰ পান-পাত্ৰ ধৰোঁতাৰূপে সেৱা কৰিছিলোঁ।

নহিমিয়া 2 ->