11 পাছত যীচুক সেই দেশাধিপতিৰ সন্মুখত থিয় কৰোঁৱাত, দেশাধিপতিয়ে তেওঁক সুধিলে, ‘তুমি ইহুদী সকলৰ ৰজা নে’? যীচুৱে তেওঁক ক’লে, ‘ঠিক তুমিয়েই কৈছা’। 12 কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁক অপবাদ দিয়াতো, তেওঁ একো উত্তৰ নিদিলে। 13 তেতিয়া পীলাতে তেওঁক ক’লে, ‘এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান সাক্ষ্য দিছে, সেই বিষয়ে তুমি শুনা নাই নে’? 14 কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে।
15 সেই পৰ্বৰ সময়ত লোক সকলে যি বন্দীক মুকলি কৰি দিয়াটো ইচ্ছা কৰে, দেশাধিপতিয়ে তেওঁকে তেওঁলোকলৈ মুকলি কৰি দিয়ে, তেওঁৰ এনে দস্তুৰ আছিল। 16 সেই সময়ত বাৰাব্বা নামেৰে এজন কুখ্যাত কাৰাবন্দী আছিল। 17 তাতে তেওঁলোক গোট খোৱাত, পীলাতে তেওঁলোকক সুধিলে, ‘মই তোমালোকলৈ কোন জনক মুকলি কৰাটো তোমালোকে ইচ্ছা কৰা, বাৰাব্বাক নে খ্ৰীষ্ট বোলা যীচুক’? 18 কিয়নো তেওঁলোকে যে অসুয়া কৰি যীচুক শোধাই দিছিল, সেই কথা তেওঁ জানিছিল। 19 পাছত তেওঁ বিচাৰৰ আসনত বহি থাকোঁতে তেওঁৰ ভাৰ্যাই তেওঁলৈ কৈ পঠালে, বোলে, ‘সেই ধাৰ্মিক জনৰ কথাত তুমি একো হাত নিদিবা; কিয়নো তেওঁৰ কাৰণে, মই আজি সপোনত যি দেখিলোঁ বহুত দুখ পালোঁ’। 20 কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে বাৰাব্বাক মুকলি কৰি দিবলৈ আৰু যীচুক বধ কৰিবলৈ লোক সকলক উচটালে। 21 তাতে দেশাধিপতিয়ে উত্তৰ দি তেওঁলোকক ক’লে, ‘এই দুই জনৰ মাজত মই কোন জনক মুকলি কৰাটো তোমালোকৰ ইচ্ছা’? তেওঁলোকে ক’লে, ‘বাৰাব্বাক’। 22 পীলাতে তেওঁলোকক ক’লে, ‘তেনে হ’লে খ্ৰীষ্ট বোলা যীচুক মই কি কৰিম’? সকলোৱে ক’লে, ‘তাক ক্রুচত দিয়ক’। 23 তাতে তেওঁ ক’লে, ‘কিয়? তেওঁ কি দোষ কৰিলে’? কিন্তু তেওঁলোকে বৰকৈ আটাহ পাৰি ক’লে, ‘তাক ক্রুচত দিয়ক’।
24 তেতিয়া পীলাতে দেখিলে যে তেওঁ একো কৰিব নোৱাৰিব, কিন্তু মানুহবোৰৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈ বাঢ়িবহে ধৰিলে, ইয়াকে দেখি পীলাতে লোক সকলৰ আগত পানী লৈ হাত ধুই ক’লে, ‘এই ধাৰ্মিক জনৰ ৰক্তপাতত মই নিৰ্দ্দোষী; এওঁক তোমালোকেই চাবা’। 25 তাতে সকলোৱে উত্তৰ দি ক’লে, ‘তেওঁৰ তেজে আমাক আৰু আমাৰ সন্তানবোৰক পাওঁক’। 26 তেতিয়া তেওঁ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰিলে। কিন্তু যীচুক চাবুকেৰে কোবাই ক্রুচত দিবলৈ শোধাই দিলে।
27 তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীচুক প্ৰিটৰিয়মৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্য দলক গোটালে; 28 আৰু তেওঁৰ গাৰ কাপোৰ গুচাই, উজ্বল বৰণৰ[a] ৰাজবস্ত্ৰ পিন্ধাই দিলে৷ 29 কাঁইটেৰে কিৰীটি সাঁজি তেওঁৰ মুৰত দিলে আৰু সোঁ হাতত এডাল নিৰ্দেশক দণ্ড দি তেওঁৰ আগত আঁঠু ললে আৰু তেওঁক বিদ্ৰূপ কৰি কলে- “হে, ইহুদী সকলৰ ৰজা, জয় হওক”! 30 তাতে তেওঁলোকে যীচুৰ গাত থুই পেলালে আৰু দণ্ড ডাল লৈ মুৰত কোবালে। 31 এইদৰে তেওঁক বিদ্ৰূপ কৰি তেওঁৰ পৰা ৰাজবস্ত্ৰ খুলি পেলালে আৰু তেওঁক নিজৰ কাপোৰ পিন্ধাই ক্রুচত দিবলৈ লৈ গ’ল।
38 সেই সময়ত তেওঁৰ সোঁফালে এটা, বাওঁফালে এটা, এইদৰে দুটা ডকাইতক তেওঁৰ লগত ক্রুচত দিয়া হ’ল। 39 তাতে যি সকলে সেই বাটেদি অহা-যোৱা কৰিছিল, সেই বাটৰুৱাবোৰে মূৰ জোকাৰি জোকাৰি, নিন্দা কৰি ক’লে, 40 “হে’ৰা মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা, নিজকে ৰক্ষা কৰা৷ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেনেহলে ক্ৰুচৰ পৰা নামি আহা”। 41 সেইদৰে প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলে বিদ্ৰূপ কৰি ক’লে, 42 “তেওঁ আন লোকক ৰক্ষা কৰিলে, কিন্তু নিজকে ৰক্ষা নকৰে কিয়৷ তেওঁ বোলে ইস্ৰায়েলৰ ৰজা; এতিয়া ক্ৰুচৰ পৰা নামকচোন; তেতিয়াহে আমি তেওঁক বিশ্বাস কৰিম।
43 তেওঁ ঈশ্বৰত ভাৰসা কৰিছে; ঈশ্বৰে যদি তেওঁক ভালপায়, তেনেহলে এতিয়া তেওঁক নিস্তাৰ কৰকচোন; কিয়নো নিজকে কৈছিল ‘ময়েই ঈশ্বৰৰ পুত্ৰ’।” 44 তেতিয়া তেওঁৰ লগত ক্ৰুচত দিয়া সেই দুটা ডকাইতেও তেওঁক একেদৰেই নিন্দা কৰিলে।
45 পাছত বাৰ বজাৰ পৰা তিনি বজালৈকে, গোটেই খন দেশৰ ওপৰত আন্ধাৰ হ’ল; 46 আৰু তিনি মান বজাত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলী, এলী, লামা চবক্তানী”? অৰ্থাৎ, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ; কিয় মোক পৰিত্যাগ কৰিলা”? 47 তেতিয়া তাতে থিয় হৈ থকা কোনো কোনোৱে ইয়াকে শুনি ক’লে, “তেওঁ এলিয়াক মাতিছে”। 48 তেতিয়াই তেওঁলোকৰ মাজৰ এজনে ল’ৰি গৈ, স্পঞ্জ এটুকুৰা লৈ চিৰকাৰে পূৰ কৰি, তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দিলে। 49 কিন্তু আনবোৰে ক’লে, “অকলে থকিবলৈ দিয়া; এলিয়াই তেওঁক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ”। 50 তেতিয়া যীচুৱে বৰ মাতেৰে ৰিঙিয়ালে আৰু প্ৰাণ ত্যাগ কৰিলে।
51 চোৱা, তেতিয়াই মন্দিৰৰ আঁৰ-কাপোৰ ওপৰৰ পৰা মজিয়ালৈকে ফাটি দুছিটা হ’ল৷ ভুমিকম্প হ’ল; শিলবোৰ ফাটিল; 52 তেতিয়া মৈদামবোৰ মুকলি হৈ গ’ল আৰু বহু নিদ্ৰিত পবিত্ৰ লোকৰ দেহ উত্থিত হ’ল। 53 তেওঁৰ পুনৰুত্থানৰ পাছত তেওঁলোকে মৈদামৰ পৰা ওলাই পবিত্ৰ নগৰলৈ গ’ল আৰু বহু ব্যক্তিক দেখা দিলে। 54 পাছত এশৰ সেনাপতি আৰু তেওঁৰ লগত যীচুক পহৰা দি থকা সকলে, এইদৰে ভুমিকম্প আদি ঘটনা হোৱা দেখি বৰ ভয় পাই ক’লে, ‘এওঁ সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ’। 55 গালীল প্ৰদেশৰ পৰা তেওঁক শুশ্ৰূষা কৰা বহু মহিলা তেওঁৰ পাছে পাছে আহি আছিল, তেওঁলোকে দূৰৰ পৰা সকলো চাই আছিল৷ 56 তেওঁলোকৰ ভিতৰত মগ্দলীনী মৰিয়ম, যাকোব আৰু যোচেফৰ মাক মৰিয়ম আৰু চিবদিয়ৰ পুতেক দুজনৰ মাক, আদি কৰি যীচুৰ সেৱা-শুশ্ৰষা কৰিবলৈ যীচুৰ লগত অহা মহিলা সকল আছিল৷
- a মূল গ্ৰীক ভাষাৰ পৰা ইংৰাজী অনুবাদত স্কাৰলেট