Link to home pageLanguagesLink to all Bible versions on this site

লেবীয়া পুস্তক
গ্রন্থ ৰচয়িতা
এই পুস্তকৰ উপসংহাৰৰ সৈতে দিয়া পদত লিখকৰ সম্পর্কে থকা বিতর্কৰ সমাধানৰ অনুমোদন কৰা হৈছে, “এয়া হ’ল সেই আদেশ, যি চিনয় উপত্যকাত ইস্রায়েলৰ সন্তানসকলক পালন কৰিবৰ বাবে মোচিক দিয়া হৈছিল” (27:34; 7:38; 25:1; 26:46)। এই পুস্তকখন বিধান সংক্রান্তীয় বিভিন্ন ঐতিহাসিক তথ্যৰ ইতিহাস (8:10; 24:10-23)। লেবীয়া পুস্তক শব্দটো লেবী গোষ্ঠীৰ পৰা আহৰণ কৰা, এই গোষ্ঠীৰ সদস্যসকলৰ যোগেদিয়ে প্রভুৰ পুৰোহিতসকল আৰু আৰাধনা কৰ নেতাসকল আহিছিল। এই পুস্তক হ’ল লেবীয়াসকলৰ বিষয়ে, তেওঁলোকৰ দায়িত্ববোৰৰ বিষয়ে সৌজন্য প্রদর্শন কৰা, ইয়াতকৈ অধিক উল্লেখযোগ্যভাবে, পুৰোহিতসকলে কিদৰে তেওঁলোকৰ পূজা-অর্চনা মানুহৰ সাহায্য কৰাৰ কাৰণে হয়, তাৰ বিষয়ে নির্দেশ কৰা, আৰু মানুহক কিদৰে এটা পবিত্র জীৱন যাপন কৰিবলৈ হয়, সেই সম্পর্কে জনোৱা।
লিখাৰ স্থান আৰু সময়
ৰচনা কৰাৰ সম্ভাব্য সময় 1446 - 1405 খ্রীষ্টপূর্বৰ মাজভাগত।
লেবীয়া পুস্তকত বিচাৰি পোৱা বিধান সমূহ ঈশ্বৰৰ যোগেদি চিনয় পর্বতৰ ওচৰত মোচিক কৈছিল, আৰু সেই ঠাইত ইস্রায়েলীসকলে কিছু সময়ৰ বাবে তম্বু তৰি আছিল।
প্রাপক
এই পুস্তকখন লিখা হৈছিল পুৰোহিত আৰু লেবীয়াসকলৰ কাৰণে; আৰু ইস্রায়েলৰ লোকসকলৰ আহিবলগীয়া বংশধৰসকলৰ কাৰণে।
উদ্দেশ্য
এই লেবীয়া পুস্তকৰ আৰম্ভণি হৈছে যজ্ঞবেদীৰ পৰা মোচিৰ প্রতি ঈশ্বৰৰ আহ্বানৰ দ্বাৰা। লেবীয়া পুস্তকত সংজ্ঞায়িত কৰা আছে, যিজনা ঈশ্বৰ এতিয়া আমাৰ মাজত আছে, সেইজনা মহিময় ঈশ্বৰৰ সৈতে উদ্ধাৰ হৈ অহা লোকসকলে কেনেকৈ সঠিক সম্পর্ক বজায় ৰাখিব, তাৰ নিয়ম। এই জাতিটোৱে এইমাত্র মিচৰৰ পৰা বাহিৰ হৈ আহিছে আৰু সেই ঠাইৰ সংস্কৃতি আৰু ধর্ম ত্যাগ কৰিছে, আৰু কনান দেশত প্রবেশ কৰিবলৈ গৈছে, যি ঠাইত অন্যান্য সংস্কৃতি আৰু ধর্ম জাতিৰ প্রভাৱ পৰিব পাৰে। লেবীয়া পুস্তকে মানুহক এই সংস্কৃতিৰ পৰা পৃথক কৰে আৰু যিহোৱাৰ প্রতি বিশ্বস্ত থাকিবৰ বাবে মানুহৰ সৈতে চুক্তি প্রদান কৰে।
মূল বিষয়
নির্দেশনা।
প্রান্তৰেখা
1. বলিদানৰ বাবে নির্দেশাবলী – 1:1-7:38
2. ঈশ্বৰৰ পুৰোহিতসকলৰ বাবে উপদেশ – 8:1-10:20
3. ঈশ্বৰৰ লোকসকলৰ বাবে নির্দেশ – 11:1-15:33
4. বেদীৰ কাৰণে নির্দেশ আৰু প্রায়চিত্তৰ দিন – 16:1-34
5. প্রায়োগিক পবিত্রতা – 17:1-22:33
6. বিশ্রামবাৰ, উৎসৱ আৰু লেবীয়াসকলৰ ভোজ – 23:1-25:55
7. ঈশ্বৰৰ আশীর্বাদ লাভৰ চর্ত – 26:1-27:34

1 অধ্যায়
হোম বলিৰ নিয়ম
1 যিহোৱাই মোচিক মাতিলে, আৰু সাক্ষাৎ কৰা তম্বুৰ পৰা তেওঁ এই কথা ক’লে, 2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক এই কথা কোৱা, ‘তোমালোকৰ মাজৰ কোনোৱে যদি যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰে, তেন্তে সেয়ে ষাঁড়-গৰু আৰু মেৰ বা মেৰ-ছাগ হ’ব লাগিব।

3 যদি তেওঁৰ উপহাৰ ষাঁড়-গৰুৰ জাকৰ পৰা অনা হোম বলি হয়, তেন্তে নিৰ্ঘূণী মতা গৰু উৎসৰ্গ কৰিব লাগিব। যিহোৱাৰ আগত গ্ৰাহ্য হ’বৰ কাৰণে, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ইয়াক উৎসৰ্গ কৰিব লাগিব। 4 পাছত তেওঁ হোম-বলিৰ মূৰত হাত দিব; তেতিয়া সেই বলি তেওঁৰ প্ৰায়শ্চিত্তৰ অৰ্থে তেওঁৰ পক্ষত গ্ৰাহ্য হ’ব।

5 আৰু তেওঁ যিহোৱাৰ সন্মুখত সেই দমৰা ষাঁড়-গৰুটো কাটিব। তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে তাৰ তেজ আনিব, আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ সন্মুখত থকা যজ্ঞবেদীৰ চাৰিওফালে সেই তেজ ছটিয়াই দিব। 6 তেতিয়া সেই বলিৰ ছাল বখলিয়াই তাক খণ্ড খণ্ড কৰা হ’ব।

7 আৰু হাৰোণ পুৰোহিতৰ পুত্ৰসকলে বেদীৰ ওপৰত জুই ৰাখিব আৰু জুইৰ ওপৰত কাঠ জাপি দিব। 8 আৰু হাৰোণৰ পুত্ৰ পুৰোহিতসকলে সেই বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত সেই খণ্ডবোৰ, মূৰ আৰু তেল ঠিক মতে ৰাখিব। 9 কিন্তু তেওঁ তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীত ধুব লাগিব। তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।

10 আৰু যদি তেওঁৰ উপহাৰ মেৰ-ছাগ বা ছাগলীৰ জাকৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ নিৰ্ঘূণী মতা পশু উৎসৰ্গ কৰিব। 11 আৰু যজ্ঞবেদীৰ কাষত উত্তৰফালে যিহোৱাৰ সন্মুখত তাক কটা হ’ব; তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে বেদীৰ চাৰিওফালে তাৰ তেজ ছটিয়াব।

12 পাছত তেওঁ তাক খণ্ড খণ্ড কৰি কাটিব; আৰু পুৰোহিতে তাৰ মূৰ আৰু তেলেৰে সৈতে তাক বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত ঠিকমতে সজাই ৰাখিব। 13 কিন্তু তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীৰে ধুব লাগিব; তাৰ পাছত পুৰোহিতে সেই সকলো উৎসৰ্গ কৰিব আৰু বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।

14 যদি যিহোৱাৰ উদ্দেশ্যে দিয়া তেওঁৰ উপহাৰ পক্ষীবোৰৰ মাজৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ কপৌবোৰৰ বা পাৰ পোৱালিবোৰৰ মাজৰ পৰা নিজ উপহাৰ উৎসৰ্গ কৰিব। 15 পাছত পুৰোহিতে তাক বেদীৰ ওপৰলৈ আনি, মূৰটো মুচৰি চিঙি, তাক বেদীত দগ্ধ কৰিব; আৰু তাৰ তেজ বেদীৰ কাষেৰে উলিয়াই দিব লাগিব।

16 পাছত পুৰোহিতে তাৰ নাড়ী-ভুৰু আৰু আমঠুটো লৈ, বেদীৰ কাষত থকা পূবফালৰ ছাঁই পেলোৱা ঠাইত পেলাই দিব লাগিব। 17 তাৰ পাছত পুৰোহিতে তাৰ ডেউকা দুখন কাটিব, কিন্তু সম্পূৰ্ণৰূপে তাক দুভাগ নকৰিব, আৰু বেদীত জুই আৰু কাঠৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।

লেবীয়া পুস্তক 2 ->