4 তেতিয়া যিহোৱাই ক’লে, “তুমি খং কৰাটো জানো উচিত হৈছে?” 5 তাৰ পাছত যোনা নগৰখনৰ পৰা ওলাই গ’ল। তেওঁ নগৰখনৰ পূবদিশে এটা আশ্রয় গৃহ সাজি তাৰ ছাঁয়াত বহিল আৰু নগৰখনৰ কি দশা হ’ব, তাক চাবলৈ অপেক্ষা কৰি থাকিল।
6 পাছত ঈশ্বৰ যিহোৱাই এজোপা এৰাগছ নিৰূপণ কৰিলে আৰু যোনাই কষ্ট নাপাবলৈ তেওঁৰ গাত ছাঁ পৰিবৰ বাবে মূৰৰ ওপৰলৈকে গছ পুলিতো বঢ়ালে। সেই গছ জোপাৰ কাৰণে যোনা অতি আনন্দিত হ’ল। 7 কিন্তু পাছদিনা অতি ৰাতিপুৱাতে ঈশ্বৰে এটা পোক পঠালে আৰু সেই পোকটোৱে গছডাল কুটাত, গছডাল শুকাই গ’ল। 8 পাছত সূর্যোদয়ৰ সময়ত ঈশ্বৰে পূবৰ পৰা গৰম বতাহ বলিবলৈ দিলে; তাতে যোনাৰ মূৰত এনেকৈ ৰ’দ পৰিল যে, তেওঁ অজ্ঞান হোৱাৰ দৰে হ’ল। তেতিয়া যোনাই নিজৰ মৃত্যু বিচাৰি ক’লে, “মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল।”
9 কিন্তু ঈশ্বৰে যোনাক ক’লে, “এৰা গছজোপাৰ কাৰণে খং কৰি তুমি ভাল কৰিছা নে?” যোনাই ক’লে, “হয়, মই খং কৰি ভালেই কৰিছোঁ, এনেকি মৃত্যু পর্যন্ত কৰিম।” 10 তেতিয়া যিহোৱাই ক’লে, “তুমি পৰিশ্ৰম নকৰা, নবঢ়োৱা, একে ৰাতিতে গজি একে ৰাতিতে মৰা এৰাগছ জোপালৈ তোমাৰ মৰম লাগিল; 11 কিন্তু যি নীনবিত সোঁহাত আৰু বাওঁহাতৰ মাজৰ প্ৰভেদ নজনা একলাখ বিশ হাজাৰতকৈও অধিক সন্তান আছে আৰু অনেক পশুও আছে; তেনেহ’লে মোৰ জানো সেই মহানগৰ নীনবিলৈ দয়া নালাগিব?”
<- যোনা 3