Link to home pageLanguagesLink to all Bible versions on this site

যোনা
গ্রন্থ ৰচয়িতা
যোনা 1:1 পদে বিশেষভাবে ভাববাদী যোনাক এই যোনা পুস্তকৰ লিখক বুলি চিহ্নিত কৰে। যোনা গাৎ-হেফাৰ নামৰ চহৰৰ পৰা আহিছিল, এই চহৰ নাচৰত অঞ্চলৰ ওচৰত আছিল, পাছত ইয়াক গালিলী বুলি জনাজাত হৈছিল (2 ৰজাৱলী 14:25)। ইস্রায়েলৰ উত্তৰাঞ্চলৰ পৰা অহা অতি কম সংখ্যক ভাববাদীসকলৰ ভিতৰত যোনা এজন আছিল। যোনা পুস্তক খনে ঈশ্বৰৰ সহনশীলতা আৰু প্রেমময় উদাৰতাক সকলোৰে দৃষ্টিগোচৰ কৰিছিল, আৰু তেওঁৰ আগ্রহপূর্ণ ইচ্ছাই অবাধ্যসকলক দ্বিতীয় সুযোগ প্রদান কৰে।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 793-450 খ্রীষ্টপূর্বৰ ভিতৰত।
এই কাহিনী ইস্রায়েলত আৰম্ভ হৈ ভুমধ্যসাগৰৰ বন্দৰ যোপ্পালৈ বিয়পি যায় আৰু নিনবীত শেষ হয়; এই নিনবী নগৰ হ’ল টাইগ্রীচ নদীৰ তীৰত অৱস্থিত অচূৰীয় সাম্রাজ্যৰ ৰাজধানী।
প্রাপক
ইস্রায়েলৰ লোকসকল আছিল যোনা পুস্তকৰ দর্শক আৰু পাছত বাইবেলৰ সকলো পাঠক।
উদ্দেশ্য
এই পুস্তকৰ মূল বিষয় হ’ল অবাধ্যতা আৰু পুনৰ জাগৰণ। যোনাৰ অভিজ্ঞতা, তেওঁ মনপালটনৰ দৰে এটা বিশেষ উদ্ধাৰ এটা বিশেষ সুযোগৰ সৈতে তেওঁক তিমি মাছৰ পেটত যোগান ধৰিছিল। তেওঁৰ প্রাথমিক অবাধ্যতা একমাত্র তেওঁৰ ব্যক্তিগত পুনৰ জাগৰণৰ বাবে নহয়, বৰং নিনবীয়সকলৰ সৈতে একেলগে হৈছিল। মাত্র মানুহক আমি ভালপোৱাৰ বাবে নহয়, বা যিবোৰ আমাৰ অনুৰূপ হয় সেইসকলৰ বাবে নহয়, ঈশ্বৰৰ বার্তা সকলো বিশ্ববাসীৰ বাবে হয়। ঈশ্বৰৰ প্রয়োজন প্রকৃত মনপালটন। তেওঁ আমাৰ হৃদয় আৰু সত্য অনুভুতিৰ সৈতে সচেতন, ভাল কামেৰে আনক সন্তুষ্টি দিবৰ বাবে নহয়।
মূল বিষয়
ঈশ্বৰৰ অনুগ্রহ সকলো মানুহৰ বাবে।
প্রান্তৰেখা
1. যোনাৰ অবাধ্যতা — 1:1-14
2. যোনাক এটা বৃহৎ মাছে গিলি পেলোৱা — 1:15, 16
3. যোনাৰ মনপালটন — 1:17-2:10
4. যোনাই নিনবীত প্রচাৰ কৰা — 3:1-10
5. ঈশ্বৰৰ দয়াত যোনা ক্রুদ্ধ হোৱা — 4:1-11

1 অধ্যায়
যোনাই মাছৰ পেটৰ পৰা উদ্ধাৰ পোৱা
1 অমিত্তয়ৰ পুত্ৰ যোনালৈ যিহোৱাৰ এই বাক্য আহিল; তেওঁ ক’লে 2 “তুমি উঠা, মহানগৰ নীনবিলৈ গৈ তাৰ বিৰুদ্ধে প্ৰচাৰ কৰা; কিয়নো সিহঁতৰ দুষ্টতা মোৰ ওচৰ আহি পালে। 3 কিন্তু যোনাই যিহোৱাৰ সন্মুখৰ পৰা তৰ্চীচলৈ পলাই যাবৰ কাৰণে যাফোলৈ নামি গ’ল আৰু তাত তৰ্চীচলৈ যোৱা এখন জাহাজ পালে। তেওঁ যিহোৱাৰ সন্মুখৰ পৰা পলাই যাবলৈ জাহাজ খনত ভাড়া দি উঠিল আৰু তর্চীচলৈ যাত্রা কৰিলে।

4 কিন্তু যিহোৱাই সাগৰলৈ প্রবল বতাহ পঠিয়াই দিলে; তাতে সাগৰত ভয়ঙ্কৰ ধুমুহা হ’ল আৰু জাহাজ খন ভাঙি যোৱাৰ উপক্রম হ’ল। 5 তেতিয়া নাবিকসকলৰ অতিশয় ভয় লাগিল আৰু সকলোৱে নিজৰ নিজৰ দেৱতাৰ আগত চিঞঁৰি কাতৰোক্তি কৰিবলৈ ধৰিলে। জাহাজৰ ওজন কমাবলৈ তেওঁলোকে জাহাজত থকা মালবস্তুবোৰ সাগৰত পেলাই দিলে। কিন্তু যোনাই হ’লে জাহাজৰ তলৰ ফালে নামি গৈ অন্তর্ভাগত শুই পৰিল আৰু তেওঁ ঘোৰ টোপনিত আছিল। 6 তেতিয়া জাহাজৰ অধিনায়ক জনে যোনাৰ ওচৰলৈ আহি ক’লে, “হেৰি! কি কৰি আছে, আপুনি টোপনি গৈছে? উঠক, আৰু আপোনাৰ দেৱতাক মাতক! কিজানি আপোনাৰ দেৱতাই আমালৈ মন মেলিব আৰু তেতিয়া হয়তো আমাৰ বিনাশ নহ’ব।” 7 তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “আমালৈ ঘটা এই অমঙ্গলৰ কাৰণে দোষী কোন, সেই বিষয়ে জানিবৰ বাবে আহাঁ আমি চিঠি খেলোহঁক।” এইবুলি তেওঁলোকে চিঠি খেলোতে, যোনাৰ নাম উঠিল। 8 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “কোন জনৰ দোষৰ বাবে আমালৈ এই অমংগল ঘটিছে, এই বিষয়ে আপুনি আমাক দয়া কৰি কওক। আপোনাৰ জীৱিকা কি? আপুনি ক’ৰ পৰা আহিছে? আপুনি কোন দেশৰ আৰু কোন জাতিৰ লোক?” 9 তেতিয়া যোনাই তেওঁলোকক ক’লে, “মই এজন ইব্ৰীয়া; সাগৰ আৰু ভূমিৰ সৃষ্টিকৰ্ত্তা স্বৰ্গৰ ঈশ্বৰ যিহোৱাক মই ভয় কৰোঁ।” 10 যোনাই যে যিহোৱাৰ সন্মুখৰ পৰা পলাই আহিছে, তেতিয়া লোকসকলে সেই বিষয়ে জানিব পাৰিলে; কিয়নো তেওঁ সেই কথা তেওঁলোকক জনালে। তেতিয়া লোকসকলে অধিককৈ ভয় খাই তেওঁক সুধিলে, “আপুনি এয়া কি কৰিলে?”

11 তেতিয়া তেওঁলোকে যোনাক সুধিলে, “এতিয়া আমাৰ বাবে সমুদ্র শান্ত হ’বলৈ আমি আপোনাক লৈ কি কৰিম?” কিয়নো সমুদ্ৰত তেতিয়া ধুমুহা ক্রমে তীব্রতৰ হ’বলৈ ধৰিছিল। 12 তেতিয়া যোনাই তেওঁলোকক ক’লে, “মোক দাঙি সমুদ্ৰত পেলাই দিয়ক, তেতিয়া আপোনালোকৰ বাবে সাগৰ শান্ত হ’ব; কিয়নো মই জানো যে, মোৰ কাৰণেহে আপোনালোকৰ ওপৰলৈ এই প্রবল ধুমুহা আহিছে।” 13 তথাপিও নাবিকসকলে সমুদ্রৰ তীৰ পাবৰ বাবে পুণৰায় বৰকৈ বাই যাবলৈ ধৰিলে, কিন্তু তেওঁলোক সফল নহ’ল। প্রচণ্ড ধুমুহা আৰু উত্তাল সমুদ্রৰ ঢৌ অধিক শক্তিশালী হৈ উঠিব ধৰিলে। 14 এই হেতুকে তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “আমি আপোনাক বিনয় কৰোঁ, হে যিহোৱা, আপোনাক বিনয় কৰোঁ, এই মানুহৰ প্ৰাণৰ কাৰণে আমাক বিনষ্ট হ’বলৈ নিদিব আৰু নিৰ্দ্দোষীৰ ৰক্তপাতৰ কাৰণে আমাক দোষী নকৰিব; কিয়নো হে যিহোৱা, আপুনিও আপোনাৰ ইচ্ছামতে কার্য কৰিছে।” 15 এই বুলি কৈ তেওঁলোকে যোনাক দাঙি নি সাগৰত পেলাই দিলে, তেতিয়া সমুদ্ৰৰ ভয়ানক মূর্তি নাইকিয়া হ’ল। 16 সেই লোকসকলে যিহোৱাক অত্যন্ত ভয় কৰিলে, আৰু তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে এটা বলি উৎসৰ্গ কৰিলে আৰু তেওঁৰ ওচৰত সংকল্প কৰিলে।

17 আনফালে যোনাক গিলি থবৰ কাৰণে যিহোৱাই এটা ডাঙৰ মাছ নিৰূপণ কৰি থৈছিল আৰু সেই মাছৰ পেটত যোনা তিনিদিন তিনিৰাতি থাকিল।

যোনা 2 ->