5 কিয়নো যিহোৱাই এইদৰে কৈছে: “তুমি শোকৰ কোনো ঘৰত নোসোমাবা। তুমি বুকু ভুকুৱাবলৈ নাযাবা, আৰু তেওঁলোকৰ কাৰণে বিলাপ নকৰিবা। কাৰণ, মই এই জাতিৰ পৰা মোৰ শান্তি, এনে কি, দয়া আৰু অনুগ্ৰহ দূৰ কৰিলোঁ!” যিহোৱাই এইদৰেই কৈছে। 6 “এই দেশত থকা বৰ আৰু সৰু লোক মৰিব। তেওঁলোকক মৈদাম দিয়া নাযাব আৰু তেওঁলোকৰ কাৰণে কোনেও বুকু নুভুকুৱাব। আৰু তেওঁলোকৰ কাৰণে কোনেও নিজ ঘা কাট-কুট নকৰিব, বা মূৰ নুখুৰাব।
7 লোক সকলে মৃত লোকৰ কাৰণে তেওঁলোকক শান্তনা দিবলৈ শোক কৰোঁতে তেওঁলোকক পিঠা নিবিলাব, নাইবা তেওঁলোকৰ পিতৃ কি মাতৃৰ কাৰণে পান কৰিবলৈ লোক সকলে তেওঁলোকক শান্তনাদায়ক পান-পাত্ৰ নিদিব। 8 তুমি তেওঁলোকৰ লগত ভোজন-পান কৰিবৰ অৰ্থে, তেওঁলোকৰ লগত বহিবলৈ ভোজৰ ঘৰত নোসোমাবা।” 9 কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, মই তোমালোকৰ চকুৰ আগতে আৰু তোমালোকৰ দিনতে এই ঠাইৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম।
10 আৰু তেতিয়া তুমি এই জাতিৰ আগত এই সকলো কথা প্ৰচাৰ কৰিবা, আৰু তেওঁলোকে তোমাক ক’ব, যে, ‘যিহোৱাই আমাৰ বিৰুদ্ধে এই মহা বিপদৰ কথা কিয় ক’লে? বা আমাৰ অপৰাধ কি? আমি আমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে কৰা আমাৰ পাপ কি?’ 11 তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই কৈছে, তোমালোকৰ পূৰ্বপুৰুষসকলে মোক ত্যাগ কৰিলে,’ ইতৰ দেৱতাবোৰৰ পাছত চলিলে, সেইবোৰক সেৱাপূজাও কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিলে। কিন্তু মোক হ’লে ত্যাগ কৰিলে, মোৰ ব্যৱস্থা পালন নকৰিলে।
12 আৰু তোমালোক হ’লে তোমালোকৰ পূৰ্বপুৰুষসকলতকৈয়ো অধিক কদাচৰণ কৰিছা, কিয়নো চোৱা! তোমালোক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলি মোৰ কথাত কাণ নিদিয়া। 13 এই হেতুকে তোমালোকৰ পূৰ্বপুৰুষসকলে আৰু তোমালোকেও যি দেশ জনা নাই, এনে এক দেশলৈ মই এই দেশৰ পৰা তোমালোকক দূৰ কৰি দিম; সেই ঠাইত তোমালোকে দিনে-ৰাতিয়ে ইতৰ দেৱতাবোৰক সেৱাপূজা কৰিবা; কিয়নো মই তোমালোকক অনুগ্ৰহ নকৰিম।
14 এই হেতুকে চোৱা! এনে কোনো দিনবোৰ আহিছে “যিহোৱাই কৈছে”, সেই দিনা লোকসকলে আৰু নক’ব, যে, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত।’ 15 কিন্তু এনেকৈ কব, যে, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক উত্তৰ দেশৰ পৰা, আৰু যি যি দেশলৈ তেওঁলোকক খেদিছিল, সেই সকলো দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত। মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশ দিছিলোঁ, সেই দেশলৈ পুনৰায় তেওঁলোকক আনিম।
16 চোৱা! মই অনেক মাছ-মৰিয়া অনাম, “যিহোৱাই কৈছে”, তেওঁলোকে মাছ ধৰাদি তেওঁলোকক ধৰিব। পাছে মই অনেক ব্যাধ অনাম, তেওঁলোকে চিকাৰীৰ দৰে চিকাৰ কৰি প্ৰত্যেক পৰ্ব্বত, প্ৰত্যেক গিৰি আৰু শিলবোৰৰ খোৰোঙৰ পৰা তেওঁলোকক উলিয়াব। 17 কিয়নো তেওঁলোকৰ সকলো পথত মোৰ চকু আছে, তেওঁলোক মোৰ পৰা গুপুতে নাথাকিব বা তেওঁলোকৰ অপৰাধ মোৰ দৃষ্টিত অগোচৰ নহ’ব। 18 মই প্ৰথমে তেওঁলোকৰ অপৰাধ আৰু পাপৰ দুগুন প্ৰতিফল দিম; কিয়নো তেওঁলোকে নিজৰ ঘিণলগীয়া বস্তুৰ শৱেৰে মোৰ দেশ অশুচি কৰিলে, আৰু তেওঁলোকৰ ঘৃণনীয় পদাৰ্থৰে মোৰ আধিপত্য পৰিপূৰ্ণ কৰিলে।