8 তাৰ পাছত গিদিয়োন তাৰ পৰা পনুৱেললৈ উঠি গ’ল আৰু সেই ঠাইৰ লোকসকলৰ ওচৰতো একেদৰে ক’লে। তাতে চুক্কোতৰ লোকসকলে যেনেকৈ কৈছিল, তেওঁলোকেও একে উত্তৰ দিলে। 9 তেতিয়া তেওঁ পনুৱেলৰ লোকসকলক ক’লে, “কুশলে যেতিয়া পুনৰ উলটি আহিম, মই এই কোঁঠ[a] ভাঙি পেলাম।”
10 সেই সময়ত জেবহ আৰু চলমুন্না প্রায় পোন্ধৰ হাজাৰ সৈন্যৰ দল লৈ কৰ্কোৰত আছিল; পূর্বদেশৰ সৈন্যসকলৰ মাজত কেৱল এওঁলোকেই তেতিয়া অৱশিষ্ট আছিল; কিয়নো তেওঁলোকৰ তৰোৱাল ধৰা এক লাখ বিশ হাজাৰ সৈন্য হত হ’ল। 11 পাছত গিদিয়োনে নোবহ আৰু যগ্বেহাৰ চহৰৰ পুবফালে তম্বুবাসী লোকসকলৰ নমাদ বাটেদি উঠি গৈ শত্রুপক্ষৰ ছাউনি পালে। সেই সময়ত শত্রুসকল আক্রমণৰ বাবে প্রস্তুত নাছিল আৰু গিদিয়োনে গৈ তেওঁলোকক পৰাস্ত কৰিলে। 12 জেবহ আৰু চলমুন্না পলাই গ’ল; কিন্তু গিদিয়োনে মিদিয়নীয়াসকলৰ সেই দুজন ৰজা জেবহ আৰু চলমুন্নাক খেদি খেদি ধৰিলে। তেতিয়া তেওঁলোকৰ সৈন্যদলৰ সকলোৱে গিদিয়োনৰ ভয়ত আতঙ্কিত হ’ল।
13 তাৰ পাছত যোৱাচৰ পুত্ৰ গিদিয়োনে হেৰচৰ গিৰিপথেদি যুদ্ধৰ পৰা উলটি আহিছিল। 14 গিদিয়োনে চুক্কোত নিবাসীসকলৰ এজন যুৱকক ধৰি আনিলে আৰু তেওঁৰ পৰা পৰামর্শ বিচাৰিলে; যুৱকজনে চুক্কোতৰ সাতসত্তৰজন নেতা আৰু জ্যেষ্ঠলোকৰ নাম ক’লে। 15 গিদিয়োনে চুক্কোতবাসীসকলৰ ওচৰলৈ আহি ক’লে, “এইয়া চোৱা, জেবহ আৰু চলমুন্না! এওঁলোকৰ বাবেই আপোনালোকে মোক ঠাট্টা কৰি কৈছিলে, ‘আমি বুজা নাই, কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে। আপুনি জানো জেবহ আৰু চলমুন্নাক জয় কৰিলে’?” 16 এইবুলি কৈ তেওঁ চুক্কোতৰ জ্যেষ্ঠসকলক ধৰি আনি মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছেৰে আঘাত কৰি শাস্তি দিলে। 17 তেওঁ পনুৱেলৰ কোঁঠটোও ভাঙি পেলালে আৰু সেই নগৰৰ লোকসকলক বধ কৰিলে।
18 তাৰ পাছত তেওঁ জেবহ আৰু চলমুন্নাক সুধিলে, “তাবোৰত আপোনালোকে কেনে লোকসকলক বধ কৰিছিলে?” তেওঁলোকে উত্তৰ দিলে, “আপুনি যেনেকুৱা, তেওঁলোকো তেনেকুৱা আছিল; তেওঁলোক প্ৰতিজন দেখাত ৰাজপুত্র সদৃশ আছিল।” 19 গিদিয়োনে ক’লে, “সেইসকল মোৰ ভাই আছিল; মোৰ আইৰ সন্তান; জীৱন্ত ঈশ্বৰৰ শপত, আপোনালোকে যদি তেওঁলোকক জীয়াই ৰাখিলোঁহেঁতেন, তেন্তে মই আপোনালোকক বধ নকৰিলোঁহেঁতেন।” 20 তাৰ পাছত তেওঁ নিজৰ বৰ পুতেক যেথৰক ক’লে, “উঠি, ইহঁতক বধ কৰ!” কিন্তু সেই কুমলীয়া ল’ৰাজনে নিজৰ তৰোৱাল নুলিয়ালে; সি তেতিয়া অল্পবয়সীয়া ল’ৰা আছিল বাবে ভয় কৰিলে। 21 তেতিয়া জেবহ আৰু চলমুন্নাই গিদিয়োনক ক’লে, “আপুনিয়েই উঠি আমাক বধ কৰক! কিয়নো যি যেনে মানুহ, তাৰ শক্তিও তেনে।” তেতিয়া গিদিয়োনে উঠি জেবহ আৰু চলমুন্নাক বধ কৰিলে, আৰু তেওঁলোকৰ উটৰ ডিঙিৰ পৰা চন্দ্ৰহাৰবোৰ খুলি ল’লে।
24 গিদিয়োনে তেওঁলোকক পুনৰ ক’লে, “কিন্তু আপোনালোকৰ ওচৰত মোৰ এটি অনুৰোধ আছে, আপোনালোকৰ লুটৰ ভাগৰ পৰা প্ৰতিজনে মোক এটাকৈ কাণৰ গহনা দিয়ক।” কিয়নো মিদিয়নীয়াসকল আছিল ইস্মায়েলৰ বংশৰ লোক আৰু তেওঁলোকে কাণত সোনৰ গহনা পিন্ধা প্রচলিত আছিল। 25 তেওঁলোকে উত্তৰ দিলে, “আমি আনন্দ মনেৰে আপোনাক সেয়া দিম।” তাৰ পাছত তেওঁলোকে এখন কাপোৰ পাৰি তাৰ মাজত প্ৰতিজনে লুটি অনা নিজ নিজ কাণৰ গহনা পেলালে। 26 তাতে তেওঁ অনুৰোধ কৰি পোৱা সেই সোনৰ কাণফুলিবোৰৰ ওজন এক হাজাৰ সাত শ চেকল[b] হ’ল; তাৰ বাহিৰেও চন্দ্ৰহাৰ, ‘লকেট’, মিদিয়নীয়া ৰজাসকলে পিন্ধা বেঙেনা বৰণীয়া বস্ত্ৰ আৰু তেওঁলোকৰ উটবোৰে পিন্ধা ডিঙিৰ হাৰ আছিল।
27 তাৰ পাছত গিদিয়োনে সেই সোণবোৰ লৈ এখন এফোদ[c] তৈয়াৰ কৰি তেওঁ নিজৰ নগৰ অফ্রাত ৰাখিলে; ইস্রায়েলীয়াসকলে সেই ঠাইত একমাত্র ঈশ্বৰৰ পৰিবর্তে এফোদৰ পূজা কৰি নিজকে ব্যভিচাৰী কৰিলে; এয়ে গিদিয়োন আৰু তেওঁৰ পৰিয়াললৈ এক ফান্দস্বৰূপ হ’ল। 28 এইদৰেই মিদিয়নীয়াসকল ইস্ৰায়েলৰ লোকসকলৰ তলতীয়া হৈ থাকিল; তেওঁলোকে পুনৰ মূৰ দাঙিব নোৱাৰিলে। গিদিয়োনৰ কালত দেশ চল্লিশ বছৰলৈকে সুস্থিৰে থাকিল।
33 গিদিয়োনৰ মৃত্যুৰ পাছতেই ইস্ৰায়েলৰ সন্তান সকল পুনৰায় ঈশ্বৰৰ অবিশ্বাসী হ’ল আৰু তেওঁলোকে বাল-দেৱতাবোৰক পূজা-অর্চনা কৰি নিজক ব্যভিচাৰী কৰিলে। তেওঁলোকে বাল-বৰীৎ[e]ক নিজৰ দেৱতা বুলি মানিলে। 34 তেওঁলোকৰ চাৰিওফালে থকা সকলো শত্ৰুবোৰৰ হাতৰ পৰা যি জনা ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিছিল, ইস্রায়েলে তেওঁলোকৰ সেই ঈশ্বৰ যিহোৱাক সন্মান দিবলৈ পাহৰি গ’ল। 35 যিৰুব্বালে[f] ইস্রায়েলত যি সকলো উপকাৰ সাধি গ’ল, তাৰ বিপৰীতে লোক সকলে তেওঁৰ বংশৰ প্রতি কৰা প্রতিজ্ঞাত বিশ্বস্ত হৈ নাথাকিল।
<- বিচাৰকর্তাবিলাক 7বিচাৰকর্তাবিলাক 9 ->