10 তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, “আমি নিজ ঈশ্বৰক ত্যাগ কৰি বাল-দেৱতাবোৰক পূজা কৰি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” 11 যিহোৱাই তেওঁলোকক ক’লে, “মই জানো মিচৰীয়া, ইমোৰীয়া, অম্মোনীয়া আৰু পলেষ্টীয়াসকলৰ পৰা তোমালোকক উদ্ধাৰ কৰা নাছিলো? 12 যেতিয়া চীদোনীয়া, অমালেকীয়া আৰু মায়োনীয়াসকলে তোমালোকক উপদ্ৰৱ কৰিছিল, তেতিয়া তোমালোকে মোৰ আগত কাতৰোক্তি কৰিছিলা আৰু মই তোমালোকক তেওঁলোকৰ অধীনৰ পৰা উদ্ধাৰ কৰিছিলোঁ। 13 তথাপিও তোমালোকে মোক পুনৰ ত্যাগ কৰিলা আৰু আন দেৱ-দেৱীসকলক পূজা কৰিবলৈ ধৰিলা; গতিকে মই তোমালোকক বাৰে বাৰে ৰক্ষা কৰি নাথাকিম। 14 যি দেৱতাবোৰক তোমালোকে পূজা কৰিছিলা তেওঁলোকৰ ওচৰলৈ গৈ কাতৰোক্তি কৰা; সঙ্কটৰ সময়ত তেওঁলোকেই তোমালোকক ৰক্ষা কৰক।”
15 কিন্তু ইস্ৰায়েলীয়াসকলে যিহোৱাক ক’লে, “আমি পাপ কৰিলোঁ; আপোনাৰ দৃষ্টিত যি ভাল দেখে তাকেই আমালৈ কৰক; অনুগ্রহ কৰি কেৱল এইবাৰ আপুনি আমাক উদ্ধাৰ কৰক।” 16 তাৰ পাছত তেওঁলোকৰ মাজত ভিন্ন দেশীয় যি দেৱতাবোৰ আছিল, সেইসকলো দূৰ কৰি তেওঁলোকে যিহোৱাৰ সেৱা কৰিলে; তাতে ইস্ৰায়েলৰ কষ্ট দেখি যিহোৱাই দূখ কৰিলে।
17 তেতিয়া অম্মোনীয়াসকলে একগোট হৈ গিলিয়দত ছাউনি পাতিলে আৰু ইস্ৰায়েলী লোকসকলেও লগ হৈ মিস্পাত ছাউনি পাতিলে। 18 গিলিয়দৰ নেতাসকলে এজনে আন জনক ক’লে, “অম্মোনীয়াসকলৰ লগত প্রথমে কোনে যুদ্ধ আৰম্ভ কৰিব? যিজনে কৰিব, তেঁৱেই গিলিয়দ-নিবাসী সকলো লোকৰ ওপৰত নেতা হ’ব।”
<- বিচাৰকর্তাবিলাক 9বিচাৰকর্তাবিলাক 11 ->- a দাসৰূপে অৰ্পন কৰিলে বা শত্রুৰ হাতত লুটদ্ৰব্য হবলৈ এৰি দিলে।