3 তেওঁলোকে তেওঁক ক’লে, ‘যিদৰে এটি সন্তানৰ প্ৰসৱৰ সময় হয়, কিন্তু মাতৃৰ সন্তান প্ৰসৱ কৰাৰ শক্তি নাথাকে সেইদৰেই আজি সঙ্কট, তাড়না, আৰু অপমানৰ দিন হয়। 4 যি ৰবচাকিক নিজৰ প্ৰভু ৰজা অচুৰীয়াৰ জীৱন্ত ঈশ্বৰক ধিক্কাৰ দিবলৈ পঠাইছিল, আপোনাৰ ঈশ্বৰ যিহোৱাই সেই ৰবচাকিৰ কথা শুনিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাই নিজে শুনা কথাৰ বাবে হয়তু দণ্ড দিব; সেয়ে এতিয়া অৱশিষ্ট থকা ভাগৰ বাবে আপুনি প্রাৰ্থনা উৎসৰ্গ কৰক।
5 সেয়ে ৰজা হিষ্কিয়াৰ দাসবোৰ যিচয়াৰ ওচৰলৈ আহিল, 6 যিচয়াই তেওঁলোকক ক’লে, “তোমালোকৰ গৰাকীক কোৱা, যিহোৱাই কৈছে, “তুমি যি বাক্য শুনিলা, আৰু যিহৰ দ্বাৰাই ৰজা অচূৰীয়াৰ দাসবোৰে মোক নিন্দা কৰিলে, এই সকলো কথালৈ ভয় নকৰিবা। 7 চোৱা, মই তেওঁৰ অন্তৰত এক আত্মা স্থাপন কৰিম, আৰু তেওঁ বিশেষ সম্বাদ শুনি নিজৰ দেশলৈ উভটি যাব; মই তেওঁৰ দেশত তেওঁক তৰোৱালে নিপাত কৰিম।
8 তাৰ পাছত ৰবচাকিয়ে উভটি গৈ ৰজা অচূৰীয়াই লিব্নাৰ বিৰুদ্ধে যুদ্ধ কৰি থকা পালে; কাৰণ তেওঁ শুনিলে যে, ৰজা লাখীচৰ পৰা আঁতৰি গ’ল। 9 তেতিয়া ৰজা অচৰীয়াই শুনিলে যে, কুচ আৰু মিচৰীয়া দেশৰ ৰজা তিৰ্হাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্য সমবেত কৰিছে; সেয়ে তেওঁ বাৰ্ত্তাৰে সৈতে বাৰ্ত্তাবাহকক হিষ্কিয়াৰ ওচৰলৈ পঠিয়ালে। 10 যিহূদাৰ ৰজা হিষ্কিয়াক কোৱা, যি ঈশ্বৰত তুমি ভাৰসা কৰিছা, “ৰজা অচূৰীয়াৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব বুলি” তোমাৰ সেই ঈশ্বৰে তোমাক নুভুলাওক।
11 চোৱা, ৰজা অচূৰীয়াই সকলো দেশ সম্পূৰ্ণকৈ ধ্বংস কৰি কি কৰিছিল, সেই বিষয়ে তুমি শুনিবলৈ পালা, সেয়ে তুমি জানো ৰক্ষা পাবা? 12 মোৰ পূর্বপুৰুষসকলে ধ্বংস কৰা দেশবাসী গোজন, হাৰণ, ৰেচফ, আৰু তলচ্ছাৰত থকা এদনৰ সন্তানসকলক তেওঁলোকৰ দেৱতাবোৰে জানো তেওঁলোকক ৰক্ষা কৰিছে’?” 13 হমাতৰ ৰজা, অৰ্পদৰ ৰজা, চফৰ্বয়িম নগৰৰ ৰজা, হেনাৰ আৰু ইব্বাৰ ৰজা সকল ক’ত আছে?
14 হিষ্কিয়াই বাৰ্ত্তাবাহকসকলৰ পৰা পত্ৰখন গ্রহণ কৰিলে আৰু পাঢ়িলে। তাৰ পাছত তেওঁ যিহোৱাৰ গৃহলৈ গৈ যিহোৱাৰ সন্মুখত পত্রখন মেলি দিলে। 15 হিষ্কিয়াই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, 16 “হে কৰূব দুটাৰ মাজত বাস কৰা ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, আপুনি ঈশ্বৰ, পৃথিবীৰ সকলো ৰাজ্যৰ মাজত কেৱল আপুনিয়েই ঈশ্বৰ, আপুনিয়েই আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।
17 হে যিহোৱা কাণ পাতি শুনক; হে যিহোৱা আপোনাৰ চকু মেলি দৃষ্টি কৰক আৰু জীৱন্ত ঈশ্বৰক নিন্দা কৰিবলৈ চনহেৰীবে কৈ পঠোৱা সকলো কথা শুনক। 18 হে যিহোৱা এইটো সত্য যে, অচূৰীয়াৰ ৰজাসকলে সকলো দেশীবাসী আৰু তেওঁলোকৰ দেশ ধ্বংস কৰিলে।
19 তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰক জুইত পেলালে; কিয়নো সেইবোৰ দেৱতা নহয়, কিন্তু মনুষ্যৰ হাতৰ কাৰ্যহে, সেইবোৰ কাঠ আৰু শিল মাথোন, সেয়ে অচূৰীয়াসকলে সেইবোৰ বিনষ্ট কৰিলে। 20 এই হেতুকে হে আমাৰ ঈশ্বৰ যিহোৱা, অকল আপুনিয়েই যে যিহোৱা ইয়াক পৃথিবীৰ সকলো ৰাজ্যৰ লোকসকলে জানিবৰ বাবে আপুনি তেওঁৰ হাতৰ পৰা আমাক নিস্তাৰ কৰক।”
21 তাৰ পাছত আমোচৰ পুত্ৰ যিচয়াই হিষ্কিয়াৰ ওচৰলৈ বাৰ্ত্তা পঠিয়াই ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, কাৰণ তুমি অচূৰৰ ৰজা চনহেৰীবৰ বিষয়ে মোৰ আগত প্ৰাৰ্থনা কৰিলা; 22 তেওঁৰ বিষয়ে যিহোৱাই কোৱা কথা এই:
36 তাৰ পাছত যিহোৱাৰ দূতবোৰে ওলাই গৈ অচূৰীয়াসকলৰ চাউনিত আক্রমণ কৰিলে, আৰু এক লাখ পঁচাশী হাজাৰ লোকক মাৰিলে। তাতে লোকসকলে ৰাতিপুৱা উঠি তেওঁলোকৰ চাৰিওফালে মৰা শৱ পৰি থকা দেখিলে। 37 সেই বাবে অচূৰৰ ৰজা চনহেৰীবে ইস্রায়েল ত্যাগ কৰি ঘৰলৈ উভটি গৈ নীনবিত বাস কৰিলে।
38 তাৰ পাছত তেওঁ নিজৰ নিষ্ৰোক নামেৰে দেৱতাৰ গৃহত প্ৰণিপাত কৰোঁতে, অদ্ৰমেলক আৰু চৰেচ নামৰ তেওঁৰ পুত্র দুজনে তেওঁক তৰোৱালেৰে বধ কৰিলে। তাৰ পাছত তেওঁলোক অৰাৰট দেশলৈ পলাই গ’ল। পাছত তেওঁৰ পুত্ৰ এচৰ-হদ্দোনে তেওঁৰ পাছত ৰাজত্ব কৰিলে।
<- যিচয়া 36যিচয়া 38 ->