6 বার্তাবাহকসকলে যাকোবৰ ওচৰলৈ উলটি আহি ক’লে, “আমি আপোনাৰ ককাই এচৌৰ তালৈ গৈছিলোঁ। তেওঁ চাৰিশ মানুহ লগত লৈ আপোনাৰে সৈতে সাক্ষাৎ কৰিবলৈ আহিছে।” 7 তাতে যাকোবে অতিশয় ভয় খালে আৰু তেওঁৰ মন অস্থিৰ হৈ পৰিল। সেয়ে তেওঁ তেওঁৰ লগত থকা লোকসকলক, গৰু, গাধ, মেৰ-ছাগ আৰু ছাগলী, উট আদি পশুৰ জাকবোৰক দুটা দলত ভাগ কৰিলে। 8 তেওঁ ক’লে, “এচৌৱে যদি আহি এটা দলক আক্রমণ কৰে, তেন্তে আনটো দলে পলাব পাৰিব।”
9 যাকোবে এইবুলি প্রার্থনা কৰিলে, “হে যিহোৱা, মোৰ পূর্বপুৰুষ অব্ৰাহামৰ ঈশ্বৰ আৰু মোৰ পিতৃ ইচহাকৰো ঈশ্বৰ, তুমি মোক কৈছিলা, ‘তোমাৰ দেশ আৰু তোমাৰ লোকসকলৰ ওচৰলৈ উভতি যোৱা। মই তোমাৰ মঙ্গল কৰিম। 10 আপোনাৰ এই দাসক আপুনি যে সকলো কৰুণা আৰু বিশ্বস্ততা দেখুৱাইছে, মই তাৰ এফেৰিও যোগ্য নহওঁ; কিয়নো মই কেৱল এডাল লাখুটি লৈয়েই এই যৰ্দ্দন নদী পাৰ হৈ গৈছিলোঁ; কিন্তু এতিয়া মোৰ দুটা দল হৈ গ’ল।
11 মই মিনতি কৰোঁ, মোৰ ককাই এচৌৰ হাতৰ পৰা মোক ৰক্ষা কৰক। কিয়নো মোৰ ভয় লাগিছে যে তেওঁ আহি মোৰ লগতে মাক আৰু সন্তান সকলকো বধ কৰিব। 12 কিন্তু আপুনি কৈছিলে, ‘মই নিশ্চয়ে তোমাৰ মঙ্গল কৰিম; তোমাৰ বংশ সাগৰৰ তীৰৰ বালিৰ দৰে কৰিম যাক গণি শেষ কৰিব নোৱাৰিব।’ ”
13 যাকোবে সেই ঠাইতে ৰাতিটো কটালে। তেওঁৰ যি আছিল তাৰ পৰাই কিছু লৈ ককায়েক এচৌৰ কাৰণে এক উপহাৰ স্বৰূপে ঠিক কৰি ৰাখিলে। 14 দুশ মাইকী ছাগলী আৰু বিশটা মতা ছাগলী, দুশ মাইকী মেৰ-ছাগ আৰু বিশটা মতা মেৰ-ছাগ, 15 পোৱালিয়ে সৈতে ত্ৰিশ জনী খিৰতী উট, চল্লিশ জনী গাই গৰু আৰু দহোটা ভতৰা গৰু, বিশ জনী গাধী আৰু দহোটা গাধ এই সকলোকে ৰাখিলে। 16 সেইবোৰক জাক জাক কৰি দাসবোৰৰ হাতত শোধাই দি এই আজ্ঞা দিলে, “তোমালোক মোৰ আগেয়ে যোৱা আৰু প্রত্যেকটো জাকৰ মাজত কিছু ঠাই ৰাখি ৰাখি যাবা।”
17 তেওঁ প্ৰথমটো দলৰ দাসক এই আজ্ঞা দিলে, “মোৰ ককাই এচৌৰ লগত দেখা হ’লে তেওঁ তোমাক যেতিয়া সুধিব, ‘তুমি ক’ৰ মানুহ? তুমি কলৈ গৈ আছা? তোমাৰ আগত থকা সেই পশুবোৰ কাৰ?’ 18 তেতিয়া তুমি ক’বা, ‘সেইবোৰ আপোনাৰ দাস যাকোবৰ; তেওঁ মোৰ মালিক এচৌলৈ এই উপহাৰ পঠাইছে। তেৱোঁ আমাৰ পাছে পাছে আহি আছে।’ ”
19 এইদৰে যাকোবে দ্বিতীয়, তৃতীয় আৰু জাকবোৰৰ পাছত যোৱা আন আন সকলোকে এই আজ্ঞা দিলে, “তোমালোকেও এচৌক ল’গ পালে ঠিক এই কথাকে কবা। 20 তোমালোকেও কবা, ‘আপোনাৰ দাস যাকোবও আমাৰ পাছত আহি আছে।’ ” কিয়নো যাকোবে ভাবিলে, “মোৰ আগে আগে যি উপহাৰবোৰ গৈছে, তাৰ দ্বাৰাই মই তেওঁক শান্ত কৰিম। পাছত যেতিয়া মোৰ তেওঁৰে সৈতে দেখাদেখি হব, তেতিয়া হয়তো তেওঁ মোক গ্রহণ কৰি লব।” 21 এইদৰে তেওঁৰ আগে আগে উপহাৰবোৰ গ’ল; কিন্তু তেওঁ নিজে সেই ৰাতি তেওঁৰ ছাউনিতে থাকিল।
22 সেই ৰাতিয়েই যাকোবে উঠি তেওঁৰ দুজনী ভাৰ্যা, দুজনী দাসী আৰু তেওঁৰ এঘাৰজন পুত্রক লৈ খোজকাঢ়ি পাৰ হব পৰা এনে এক খৰাং ঠাইয়েদি যব্বোক নদীৰ সিপাৰে পঠালে। 23 এইদৰে তেওঁৰ যি যি আছিল সেই সকলো বস্তুও তেওঁলোকৰ লগত সিপাৰলৈ পঠাই দিলে।
31 যাকোবে পনুৱেল পাৰ হৈ যাওঁতে সূর্য উদয় হ’ল; কৰঙনৰ হাড়ৰ জোৰা লৰাৰ কাৰণে তেওঁ লেকেচিয়াবলৈ ধৰিলে। 32 সেই কাৰণে ইস্ৰায়েলৰ লোকসকলে আজিও কৰঙনৰ জোৰাৰ পেশীৰ মাংস নাখায়, কাৰণ সেই পুৰুষে যাকোবৰ কৰঙনৰ জোৰা লৰাই পেশীবোৰ আঘাত কৰিছিল।
<- আদিপুস্তক 31আদিপুস্তক 33 ->