5 এইদৰে ইচহাকে যাকোবক পঠাই দিলে আৰু যাকোবেও পদ্দন-অৰামৰ অৰামীয়া বথোৱেলৰ পুত্ৰ লাবনৰ ওচৰলৈ গ’ল। লাবন যাকোব আৰু এচৌৰ মাক ৰিবেকাৰ ককায়েক আছিল।
6 পাছত এচৌৱে জানিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰি পদ্দন-অৰামৰ পৰা কোনো ছোৱালীক বিয়া কৰি আনিবলৈ পঠাইছে; তেওঁ আৰু শুনিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ দিয়াৰ সময়ত এই আজ্ঞা দিছিল “তুমি কোনো কনানীয়া ছোৱালীক বিয়া নকৰিবা।” 7 এচৌৱে দেখিলে, যাকোবে তেওঁৰ পিতৃ-মাতৃৰ আদেশ মানি পদ্দন-অৰামলৈ গুছি গ’ল। 8 তাতে এচৌৱে বুজি পালে যে এই কনানীয়া মহিলাসকলৰ প্রতি তেওঁৰ পিতৃ ইচহাক সন্তুষ্ট নহয়। 9 সেয়ে দুগৰাকী ভার্য্যা থকাতো তেওঁ অব্ৰাহামৰ পুতেক ইশ্মায়েলৰ ঘৰলৈ গৈ তেওঁৰ জীয়েক মহলতক বিয়া কৰিলে। মহলত নবায়োতৰ ভনীয়েক আছিল।
16 যাকোবে টোপনিৰ পৰা সাৰ পাই ক’লে, “তেন্তে যিহোৱা নিশ্চয়কৈ এই ঠাইত আছে, অথচ মই তাক জনা নাছিলোঁ।” 17 তেওঁ ভয়তে ক’লে, “কি ভয়ানক এই ঠাই! ই ঈশ্বৰৰ গৃহৰ বাহিৰে আন একো নহয়; ইয়েই স্বৰ্গৰ দুৱাৰ।”
18 পাছত যাকোবে অতি ৰাতিপুৱাতে উঠিল আৰু তেওঁ যি শিল মুৰৰ তলত লৈছিল তাক স্তম্ভৰূপে স্থাপন কৰি ওপৰত তেল বাকি দিলে। 19 তেওঁ সেই ঠাইৰ নাম বৈৎএল†ঈশ্বৰৰ গৃহ ৰাখিলে; কিন্তু পূৰ্বতে সেই নগৰৰ নাম লুজ আছিল। 20 যাকোবে সঙ্কল্প কৰি এই প্ৰতিজ্ঞা কৰিলে, “যদি ঈশ্বৰ মোৰ সঙ্গী হয়, মোৰ এই যাত্রাপথত তেওঁ মোক ৰক্ষা কৰে, যদি তেওঁ মোক অন্ন-বস্ত্রও যোগাই দিয়ে, 21 যদি মই পিতৃৰ ঘৰলৈ পুনৰায় নিৰাপদে ঘূৰি আহিব পাৰোঁ, তেন্তে এই যিহোৱায়েই মোৰ ঈশ্বৰ হ’ব। 22 তেতিয়া এই যি শিল মই স্তম্ভ স্বৰূপে স্থাপন কৰিলোঁ, ই এক পবিত্র শিল হ’ব; আপুনি মোক যি যি দিব, মই তাৰ দহ ভাগৰ এভাগ আপোনাক ঘূৰাই দিম।”
<- আদিপুস্তক 27আদিপুস্তক 29 ->*28 অধ্যায়:13 তেওঁৰ ওচৰত থিয় হৈ।
†28 অধ্যায়:19 ঈশ্বৰৰ গৃহ