গালাতীয়া পত্র গ্রন্থ ৰচয়িতা এই পত্রৰ লিখক পাঁচনি পৌল, এইটোৱেই আছিল আদি মণ্ডলীৰ সর্বসন্মত মন্তব্য। পৌলে এচিয়া মাইনৰত তেওঁলোকৰ প্রথম মিছনাৰী যাত্ৰা আৰম্ভ কৰাৰ সময়ত তেওঁ দক্ষিণ গালাতীয়াৰ মণ্ডলী সম্পর্কে এই পত্র লিখিছিল। কৰিন্থ বা ৰোমৰ দৰে গালাতীয়া এখন চহৰ নহয়, কিন্তু ই ৰোমান প্রদেশৰ আন বহু চহৰৰ দৰে আছিল আৰু ইয়াত অসংখ্য মণ্ডলী আছিল। এই গালাতীয়াসকল বুলি যিসকলক উদ্দেশ্য কৰি এই পত্র দিয়া হৈছে, সেই লোকসকল পৌলৰ যোগেদি মনপালটন কৰা আছিল। লিখাৰ স্থান আৰু সময় সম্ভাব্য সময় প্রায় 48 খ্ৰীষ্টাব্দ পৌলে সম্ভবতঃ আন্তখিয়াত থাকোতে গালাতীয়াসকললৈ এই পত্র লিখিছিল, এয়াই তেওঁৰ আছিল গৃহৰ ভেটি। প্রাপক গালাতীয়া পত্রখন গালাতীয়াত থকা মণ্ডলীৰ সদস্যসকলৈ লিখা এখন পত্ৰ (গালাতীয়া 1:1-2)। উদ্দেশ্য এই পত্ৰখনৰ উদ্দেশ্য আছিল যিহূদীবাদীসকলৰ ভুৱা শুভবার্তাক খণ্ডন কৰা, এই ইহুদি খ্রীষ্টিয়ানসকলে বিশ্বাস কৰিছিল যে, পৰিত্রাণ পাবলৈ হ’লে চুন্নৎ কৰাতো এক অপৰিহার্য বিষয় আছিল আৰু এইদৰে তেওঁলোকক পৰিত্রাণৰ সঁচা ভিত্তিসমূহ মনত পেলাই দিছিল। পৌলে পৰিষ্কাৰভাবে তেওঁৰ পাঁচনিবাবৰ কর্তৃত্বৰ দ্বাৰা প্রতিক্রিয়া প্ৰকাশ কৰিছে আৰু এই প্রতিবাদক শুভবার্তা তেওঁ প্ৰচাৰ কৰিছে। এইটো বিশ্বাসৰ মাধ্যমত অনুগ্রহৰ যোগেদি মানুহ ন্যায়সঙ্গত হয়, আৰু ই মাত্র বিশ্বাস কৰে যে, তেওঁলোকে আত্মাৰ স্বাধীনতাত নতুন জীৱন যাপন কৰিছে। মূল বিষয় খ্রীষ্টত স্বাধীনতা প্রান্তৰেখা 1. ভূমিকা — 1:1-10 2. শুভবার্তাৰ প্ৰমাণীকৰণ — 1:11-2:21 3. বিশ্বাসৰ দ্বাৰা আত্মপক্ষ সমর্থন — 3:1-4:31 4. বিশ্বাস আৰু স্বাধীনতাৰ জীৱনৰ অভ্যাস — 5:1-6:18
2 মই আৰু মোৰ সহবর্ত্তী যি সকলো ভাই আছে, আমাৰ সকলোৰে পৰা এই পত্র গালাতীয়াৰ[a] মণ্ডলীবোৰৰ সমীপলৈ।
3 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক; 4 যীচুৱে আমাৰ পাপ সমূহৰ কাৰণে নিজকে উছর্গা কৰিলে যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্ত্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে। 5 সেই পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক। আমেন।
10 মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ।
18 ইয়াৰ তিনি বছৰৰ পাছত, মই কৈফাৰে সৈতে চিনা পৰিচয় হ’বলৈ যিৰূচালেমলৈ গ’লো আৰু তেওঁৰ লগত পোন্ধৰ দিন থকিলোঁ। 19 তাত প্রভুৰ ভায়েক যাকোবৰ বাহিৰে আন কোনো পাঁচনি পদ পোৱা লোকক মই দেখা নাপালোঁ। 20 চাওক, ঈশ্বৰৰ দৃষ্টিত মই আপোনালোকৰ ওচৰত এই যি সকলো কথা লিখিছোঁ, সেইবোৰ মিছা নহয়।
21 তাৰ পাছত মই চিৰিয়া আৰু কিলিকিয়াৰ শাসনাধীন অঞ্চলবোৰলৈ গ’লো; 22 তেতিয়াও খ্ৰীষ্টত আশ্ৰয় লোৱা যিহুদীয়াৰ মণ্ডলীবোৰৰ সৈতে মোৰ ব্যক্তিগত সাক্ষাত-পৰিচয় হোৱা নাছিল 23 কিন্তু তেওঁলোকে কেৱল শুনিবলৈ পাইছিল, “যি জনে পূৰ্বতে আমাক তাড়না কৰিছিল, তেওঁ এতিয়া সেই বিশ্বাসৰ বাণী প্রচাৰ কৰিছে, যি তেওঁ পূৰ্বে ধ্বংস কৰিবলৈ বিচাৰিছিল।” 24 আৰু তেওঁলোকে মোৰ বাবে ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে।
গালাতীয়া পত্র 2 ->