3 তেতিয়া যি কৰূব কেইজনৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল, সেই গৌৰৱ, সেই কৰূব কেইজনৰ পৰা উঠি গৃহটিৰ দুৱাৰডলিলৈ উঠি গ’ল। আৰু শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই লোকজনক যিহোৱাই মাতিলে। 4 যিহোৱাই তেওঁক ক’লে, “তোমালোকে নগৰৰ মাজেৰে যোৱা যিৰূচালেমৰ মাজেৰে আৰু নগৰৰ মাজত চলি থকা সকলো ঘিণলগীয়া কাৰ্যৰ কাৰণে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা-কতা কৰি থকা লোকসকলৰ কপালত চিন দিয়া।”
5 তেতিয়া তেওঁ মই শুনাকৈ আন কেইজনক ক’লে, “তোমালোকে তেওঁৰ পাছে পাছে নগৰৰ মাজেদি যোৱা আৰু প্ৰহাৰ কৰা! তোমালোকৰ চকুত কৃপাদৃষ্টি কি দয়া নাথাকক, 6 বুঢ়া, ডেকা, যুৱতী, শিশু আৰু মহিলা আদি সকলোকে নিঃশেষে বধ কৰা, দয়া নকৰিবা! কিন্তু মূৰত চিন থকা কোনো লোকৰ কাষলৈ নাযাবা। মোৰ পবিত্ৰ স্থানৰ পৰা আৰম্ভ কৰা!” গতিকে তেওঁলোকে গৃহৰ সন্মুখত থকা সেই বৃদ্ধ লোকসকলৰ পৰা আৰম্ভ কৰিলে।
7 তেওঁ তেওঁলোকক ক’লে, “গৃহটি অশুচি কৰা, চোতাল কেইখন হত হোৱা লোকসকলেৰে পূৰ কৰা। আগবাঢ়া!” গতিকে তেওঁলোকে ওলাই গৈ জেৰুচালেম নগৰক আক্রমণ কৰিলে। 8 যেতিয়া তেওঁলোকে প্ৰহাৰ কৰি আছিল, তেতিয়া মই নিজকে অকলশৰীয়া যেন অনুভৱ কৰিলোঁ আৰু উবুৰি হৈ পৰি চিঞৰি কান্দি কান্দি কলোঁ, “হায় হায় প্ৰভু যিহোৱা! আপুনি যিৰূচালেমৰ ওপৰত আপোনাৰ ক্ৰোধ বৰষাই ইস্ৰায়েলৰ সকলোক অৱশিষ্ট ভাগ বিনষ্ট কৰিব নে?”
9 তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’ 10 গতিকে মই হ’লে কৃপাদৃষ্টি নকৰিম আনকি দয়াও নকৰিম। বৰং তেওঁলোকৰ কাৰ্যৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।” 11 আৰু চোৱা! শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই পুৰুষজন ঘূৰি আহিল। “তুমি মোক আজ্ঞা দিয়া অনুসাৰে মই সকলো কৰিলোঁ”, এই বুলি তেওঁ বাৰ্ত্তা দিলেহি।
<- যিহিষ্কেল 8যিহিষ্কেল 10 ->- a মৈলাম দোৱাত-চিয়াঁহীৰ পাত্র