10 এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: সি উচ্চতাত ওখ হোৱাৰ, আৰু সি তাৰ ওপৰ ভাগ মেঘস্পৰ্শী কৰাৰ, আৰু তাৰ হৃদয় নিজৰ উচ্চতাত গৰ্ব্বিত হোৱাৰ কাৰণে, 11 মই তাক জাতিবোৰ পৰাক্ৰমী জনৰ হাতত সমৰ্পণ কৰিলোঁ! এই শাসনকৰ্ত্তাই তেওঁৰ বিৰুদ্ধে উচিত কাৰ্য কৰিলে আৰু তাৰ দুষ্টতাৰ কাৰণে তাক দূৰ কৰি দিয়া হ’ল!
12 আৰু জাতিবোৰৰ ভয়ানক বিদেশীসকলে তেওঁক কাটি এৰি থৈ গ’ল। পৰ্ব্বতবোৰৰ ওপৰত আৰু আটাই উপত্যকাত তাৰ ডালবোৰ পৰি আছে, আৰু দেশৰ আটাই জুৰিবোৰৰ কাষত তাৰ শাখবোৰ ভাগি গ’ল। আৰু তেতিয়া পৃথিৱীৰ সকলো জাতিবোৰে তেওঁৰ ছাঁৰ পৰা নামি গ’ল আৰু এৰি গুচি গ’ল।
14 জল সমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব্ব নকৰিবৰ নিমিত্তে, বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰিবলৈ, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাসকলৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ বাবে, মই ইয়াকে কৰিলোঁ। কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ আধা ভাগলৈ, গাতলৈ নামিব লগাবোৰে সৈতে মনুষ্য সন্তান সকলৰ মাজত সমৰ্পিত হ’ল।”
15 প্ৰভু যিহোৱাই এই কথা কৈছে: “সি চিয়োললৈ নামি যোৱা দিনা মই শোকৰ আজ্ঞা দিলোঁ; মই তাৰ কাৰণে অগাধ জলক ঢাকিলোঁ, তাক সুঁতিবোৰ বন্ধ কৰিলোঁ, আৰু মহাজল সমূহক স্থগিত কৰা হ’ল; মই তাৰ বাবে লিবানোনক শোক কৰালোঁ, আৰু পথাৰৰ আটাই গছ তাৰ বাবে জঁয় পৰিল।
16 গাতলৈ নামিব লগাবোৰে সৈতে মই তাক চিয়োললৈ পেলোৱা সময়ত তাৰ পতনৰ শব্দত মই জাতিবোৰক কঁপালো; আৰু এদনৰ আটাই গছে, লিবানোনৰ মনোনীত আৰু উৎকৃষ্ট পানী পান কৰা আটাইবোৰে পৃথিৱীৰ অৰ্ধভাগত শান্তনা পালে। 17 যিসকলে তাৰ বাহুস্বৰূপ আছিল, যিসকলে জাতিবোৰৰ মাজত তাৰ ছাঁত বাস কৰিছিল, তেওঁলোকো তৰোৱালৰ দ্বাৰাই হত হোৱা লোকৰ গুৰিলৈ তাৰে সৈতে চিয়োললৈ নামি গ’ল। 18 এইদৰে তুমি প্ৰতাপত আৰু মহত্ত্বত এদনৰ গছবোৰৰ মাজত কাৰ সদৃশ? তথাপি পৃথিৱীৰ অধোভাগলৈ এদনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ’ব; তৰোৱালৰ দ্বাৰাই হত হোৱাসকলে সৈতে অচুন্নৎসকলৰ মাজত তুমিও পৰি থাকিবা! ফৰৌণ আৰু তাৰ আটাই লোক সকলৰ এইৰূপ গতি হ’ব!” এয়েই প্ৰভু যিহোৱাই কৰা ঘোষণা!
<- যিহিষ্কেল 30যিহিষ্কেল 32 ->