ইষ্টেৰ গ্রন্থ ৰচয়িতা ইষ্টেৰ পুস্তকৰ অজানা লিখক আছিল সম্ভবতঃ ৰাজকীয় পাৰস্য আদালতৰ সৈতে পৰিচিত এজন ইহুদি লোক। আদালতৰ জীৱন আৰু ঐতিহ্যৰ বিস্তাৰিত বর্ণনা, একেদৰে পুস্তকখনত যিবোৰ ঘটনা ঘটিছে, সেইবোৰে এটা নির্দেশ দিয়ে যে লিখক এজন প্রত্যক্ষদর্শী। পণ্ডিতসকলে বিশ্বাস কৰে যে যিৰুব্বাবিলৰ অধীনত যিহূদা দেশলৈ উভতি অহাৰ কাৰণে তেওঁ এজন ইহুদি লিখক আছিল। কিছুমানে মন্তব্য দিয়ে যে মর্দখয় নিজে এই পুস্তকৰ লিখক আছিল, আনহাতে পাঠত বিচাৰি পোৱা তেওঁৰ বাবে থকা সুনামে মন্তব্য দিয়ে যে আন এজন লিখকৰ, সম্ভবত তেওঁৰ এক তৰুণ-তৰুণী লিখক আছিল। লিখাৰ স্থান আৰু সময় লিখাৰ সম্ভাব্য সময় প্রায় 464-331 খ্রীষ্টপূর্বৰ মাজভাগ। এই কাহিনীটো পাৰস্যৰ ৰজা অহচবেৰোচ-1 ৰ ৰাজত্বৰ সময়ত সঞ্চালিত হয়, প্রাথমিকভাবে পাৰস্য সাম্রাজ্যৰ ৰাজধানী চুচানত থকা ৰাজপ্রাসাদত। প্রাপক ইষ্টেৰ পুস্তক খন পুৰিম বা প্রচুৰ ভোজৰ মূল তথ্যলৈ ইহুদি জাতিৰ লোকসকলৰ বাবে লিখা হৈছিল। এই বার্ষিক উৎসৱটোৱে ইহুদি জাতিৰ মুক্তিক স্মৰণীয় কৰি ৰাখে, ঠিক মিচৰৰ দাসত্বৰ পৰা তেওঁলোকে মুক্তি পোৱাৰ দৰে। উদ্দেশ্য এই পুস্তকৰ উদ্দেশ্য হ’ল, মানুহৰ ইচ্ছা, জাতিগত কুসংস্কাৰত তেওঁৰ ঘৃণা, তেওঁৰ শক্তিয়ে প্রদান কৰা জ্ঞান আৰু বিপদৰ সময়ত কৰা সাহায্যত মানুহৰ সৈতে ঈশ্বৰৰ ক্ষমতা প্রদর্শন কৰা। ঈশ্বৰৰ হাত তেওঁৰ লোকসকলৰ জীবনত কামত আহে। তেওঁ ইষ্টেৰৰ জীবনত এই পৰিস্থিতি ব্যবহাৰ কৰিছে, কাৰণ তেওঁ সমস্ত মানুহৰ সিদ্ধান্ত আৰু কর্মবোৰে প্রমান কৰে যে, তেওঁৰ ঐশ্বৰিক পৰিকল্পনা আৰু উদ্দেশ্যলৈয়ে কর্ম কৰিছে। ইষ্টেৰ পুস্তকে হ’ল পুৰিমৰ ভোজ প্রতিষ্ঠাৰ মূল তথ্য, আৰু বর্তমানো পুৰিম উৎসৱ পালনৰ সময়ত ইহুদিসকলে ইষ্টেৰ পুস্তক পাঠ কৰে। মূল বিষয় সংৰক্ষণ প্রান্তৰেখা 1. ইষ্টেৰ ৰাণী হোৱা — 1:1-2:23 2. ঈশ্বৰৰ লোকসকলৰ প্রতি অহা বিপদ — 3:1-3:15 3. ইষ্টেৰ আৰু মর্দখয় গ্রহন কৰা ব্যবস্থা — 4:1-5:14 4. ইহুদিসকলৰ উদ্ধাৰ — 6:1-10:3
1 অধ্যায়ৰজাৰ মহাভোজ। ৰাণী ৱষ্টীৰ ৰাণীপদ গুচুউৱা। 1 ৰজা অহচবেৰোচৰ দিনত (ৰজা অহচবেৰোচে ভাৰতবৰ্ষৰ পৰা কুচ[a] দেশলৈকে এশ সাতাইশ খন প্ৰদেশৰ ওপৰত ৰাজত্ব কৰিছিল); 2 সেই সময়ত, ৰজা অহচবেৰোচে চুচন ৰাজপ্রসাদত নিজৰ ৰাজসিংহাসনত বহিল।3 তেওঁৰ ৰাজত্বৰ তৃতীয় বছৰত তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসৰ বাবে তেওঁ ভোজ পাতিলে। পাৰস্য আৰু মাদিয়াৰ সৈন্য, উচ্চ পদবীধাৰী লোক, আৰু প্ৰদেশৰ অধ্যক্ষ সকল তেওঁৰ আগত উপস্থিত হ’ল। 4 তেওঁ অনেক দিন, অৰ্থাৎ এশ আশী দিনলৈকে নিজৰ প্ৰতাপান্বিত ৰাজ্যৰ ঐশ্চৰ্য্য, আৰু উৎকৃষ্ট মাহাত্ম্যৰ গৌৰৱ দেখুৱালে।
5 সেই দিনবোৰ যেতিয়া সম্পূৰ্ন হ’ল, তেতিয়া ৰজাই সাত দিনলৈকে ভোজ দিলে। চুচনৰ ৰাজ-কোঁঠত উপস্থিত হোৱা সৰু কি বৰ সকলো প্ৰজাৰ কাৰণে তেওঁ ভোজ দিলে। এই ভোজ ৰাজ-গৃহৰ বাগিছাৰ চোতালত দিলে। 6 বাগিছাৰ চোতাল খন বগা আৰু বেঙুনীয়া কপাহী পৰ্দাৰে সজোৱা হৈছিল। পৰ্দাবোৰ মিহি শণ সুতা আৰু ৰঙা-বেঙেনা বৰণীয়া ৰচিৰে মমৰ শিলৰ খুটাত লগোৱা ৰূপৰ আঙুঠিত বন্ধা আছিল। ইয়াত বিচিত্ৰ চানেকীৰে টান শিলেৰে বন্ধা পদ পথ, মৰ্মৰ শিল, মুকুতা আৰু চেপেটা শিলাখণ্ডত সোণৰ আৰু ৰূপৰ আসনবোৰ আছিল।
7 তেওঁলোকক সোণৰ পিয়লাত পান কৰোঁৱা হৈছিল। প্রতিটো পিয়লা তুলনাহীন আছিল। ৰজাৰ মহত্ত্বতাৰ কাৰণে অধিক ৰাজকীয় দ্ৰাক্ষাৰস তেওঁলোকক দিয়া হৈছিল। 8 তেওঁলোকে বিধি অনুসাৰে দ্রাক্ষাৰস পান কৰিছিল, “দ্রাক্ষাৰস পান কৰাটো বাধ্যতা মূলক নাছিল।” কাৰণ যাৰ যি ইচ্ছা, তেওঁ সেই দৰে যেন কৰিব পাৰে, সেই বাবে ৰজাই তেওঁৰ ৰাজপ্রসাদৰ কৰ্মচাৰী সকলক আজ্ঞা দিছিল।
9 ৰাণী ৱষ্টীয়েও অহচবেৰোচৰ ৰাজপ্রসাদত মহিলা সকলৰ বাবে ভোজ দিলে। 10 সপ্তম দিনৰ দিনা ৰজাই দ্ৰাক্ষাৰস পান কৰি প্ৰফুল্লিত হৈ আছিল, আৰু তেওঁ মহূমন, বিজথা, হৰ্বোনা, বিগথা, অবগথা, জেথৰ, আৰু কৰ্কচক (ৰজা অহচবেৰোচৰ আগত পৰিচৰ্যা কৰা এই সাত জন কৰ্মচাৰী), 11 ৰাণী ৱষ্টীক তেওঁৰ ৰাজমুকুটৰ সৈতে তেওঁৰ ওচৰলৈ আনিবলৈ ক’লে। তেওঁ লোকসকলক আৰু কৰ্মচাৰী সকলক ৰাণীৰ সৌন্দৰ্য দেখুৱাব বিচাৰিছিল, কাৰণ তেওঁৰ মুখমণ্ডল অতি আকৰ্ষণীয় আছিল।
12 কিন্তু কৰ্মচাৰী সকলৰ দ্বাৰাই ৰজাই তেওঁৰ ওচৰলৈ আনিবলৈ দিয়া আজ্ঞা ৰাণী ৱষ্টীয়ে মানিবলৈ অসন্মত হ’ল। তাতে ৰজাই ক্ৰোধাম্বিত হ’ল, আৰু তেওঁৰ অন্তৰত ক্ৰোধাগ্নি জ্বলি উঠিল।
13 তাৰ পাছত ৰজাই জ্ঞানীলোক আৰু যি সকলে সময়ৰ মূল্য বুজে তেওঁলোকৰ লগত আলোচনা কৰিলে, (কিয়নো বিচাৰ আৰু ব্যৱস্থা জনা সকললৈ ৰজাই সেইদৰে কৰে)। 14 সেই সময়ত তেওঁৰ অতি ঘনিষ্ট পাৰস্য আৰু মাদিয়াৰ সাত জন কোঁৱৰ এওঁলোক: কৰ্চনা, চেথৰ, অদমথা, তৰ্চীচ, মেৰচ, মৰ্চনা, আৰু মমুকণ। এওঁলোকৰ ৰজাৰ ওচৰলৈ যোৱাৰ অধিকাৰ আছিল, আৰু তেওঁলোকে ৰাজ্যৰ ভিতৰত উচ্চখাপৰ কাৰ্যালয় স্থাপন কৰিছিল। 15 ৰাণী ৱষ্টীয়ে কৰ্মচাৰীৰ দ্বাৰাই পঠোৱা, ৰজা অহচবেৰোচৰ আজ্ঞা অমান্য কৰিছিল। সেয়ে বিধি অনুসাৰে ৰাণী ৱষ্টীৰ প্রতি কি কৰা হ’ব?”
16 তেতিয়া মমুকণে ৰজা আৰু কৰ্মচাৰী সকলৰ উপস্থিতিত ক’লে, “ৰাণী ৱষ্টীয়ে যে কেৱল মহাৰাজৰ বিৰুদ্ধে অপৰাধ কৰিলে, এনে নহয়; কিন্তু সকলো কৰ্মচাৰী, আৰু অহচবেৰোচ ৰজাৰ প্ৰদেশত থকা সকলো লোকৰ বিৰুদ্ধে অপৰাধ কৰিলে। 17 কাৰণ ৰাণীৰ এই কাৰ্যৰ বিষয়ে সকলো মহিলা জ্ঞাত হ’ব। ইয়াৰ বাবে মহিলা সকলে নিজৰ স্বামীক সেইদৰেই তুচ্ছ জ্ঞান কৰিব। মহিলা সকলে ক’ব, ‘অহচবেৰোচ ৰজাই ৰাণী ৱষ্টীক তেওঁৰ ওচৰলৈ আনিবলৈ আজ্ঞা দিছিল, কিন্তু তেওঁ আজ্ঞা অমান্য কৰিছিল।’ 18 ৰাণীৰ এই কৰ্মৰ বিষয়ে পাৰস্য আৰু মাদিয়াৰ ভদ্ৰ মহিলা সকলে শুনি সেই দিনটো অতিক্রম নোহোৱাৰ আগতে ৰজা আৰু কৰ্মচাৰী সকলক সেইদৰে ক’ব। সেয়ে এই কথা বহুত অপমান আৰু ক্ৰোধৰ বিষয় হ’ব।
19 যদি এই কথাই মহাৰাজক সন্তুষ্ট কৰে, তেনেহলে ‘ৰাণী ৱষ্টী অহচবেৰোচ ৰজাৰ ওচৰলৈ পুনৰ আহিবলৈ নাপাব’; এই ৰাজ আজ্ঞা আপোনাৰ মুখৰ পৰা ওলাওক, আৰু ইয়াৰ যেন লৰ-চৰ নহয়। এই কাৰণে ইয়াক পাৰস্য আৰু মাদিয়া সকলৰ বিধিত লিখা হওক। তাৰ পাছত মহাৰাজে তেওঁৰ ৰাণীপদ তেওঁতকৈ উত্তম মহিলা এগৰাকীক দিয়ক। 20 মহাৰাজে দিয়া আজ্ঞা যেতিয়া তেওঁৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰা যাব, তেতিয়া সৰু কি বৰ সকলো মহিলাই নিজৰ নিজৰ স্বামীক সন্মান কৰিব।”
21 তেতিয়া এই কথাত ৰজা আৰু প্রধান লোকসকল সন্তুষ্ট হ’ল; আৰু ৰজাই মমুকণে দিয়া প্রস্তাৱৰ দৰেই কৰিলে। 22 তেওঁ সকলো ৰাজকীয় প্ৰদেশলৈ প্রতিখন প্রদেশৰ নিজৰ আখৰ অনুসাৰে আৰু প্ৰত্যেক লোকলৈ তেওঁলোকৰ ভাষা অনুসাৰে চিঠি পঠিয়ালে। ৰজাই আজ্ঞা দিলে যে, প্ৰতিজন পুৰুষ নিজৰ নিজৰ ঘৰৰ মূৰব্বী হওক। এই আজ্ঞা প্রত্যেক লোকৰ নিজৰ নিজৰ ভাষাত দিয়া হৈছিল।
ইষ্টেৰ 2 ->
- a কুচ ইথপিয়া
3 তেওঁৰ ৰাজত্বৰ তৃতীয় বছৰত তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসৰ বাবে তেওঁ ভোজ পাতিলে। পাৰস্য আৰু মাদিয়াৰ সৈন্য, উচ্চ পদবীধাৰী লোক, আৰু প্ৰদেশৰ অধ্যক্ষ সকল তেওঁৰ আগত উপস্থিত হ’ল। 4 তেওঁ অনেক দিন, অৰ্থাৎ এশ আশী দিনলৈকে নিজৰ প্ৰতাপান্বিত ৰাজ্যৰ ঐশ্চৰ্য্য, আৰু উৎকৃষ্ট মাহাত্ম্যৰ গৌৰৱ দেখুৱালে।

ইষ্টেৰ 2 ->- a কুচ ইথপিয়া
Languages