Link to home pageLanguagesLink to all Bible versions on this site

ইফিচীয়া পত্ৰ
গ্রন্থ ৰচয়িতা
ইফিচীয়া 1:1 পদে পৰিচয় কৰাই দিয়ে যে, ইফিচীয়া পত্ৰৰ লিখক পৌল মণ্ডলীৰ আদি সময়ৰ পৰাই পৌলৰ দ্বাৰা ইফিচীয়া লিখা বুলি বিবেচিত হৈ আহিছে আৰু তেওঁৰ নিকটতম পাঁচনি পূর্বপুৰুষসকলৰ মাজৰ পৰা উদ্ধৃত কৰি কোৱা হৈছে, যেনে–ৰোমৰ ইগনাটিয়াচ, হেৰমাচ আৰু পলিকার্প।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্ৰায় 60 খ্ৰীষ্টাব্দ
পৌল যেতিয়া ৰোমৰ জেলত বন্দী আছিল, তেতিয়া হয়তো এই পত্র লিখিছিল।
প্রাপক
প্রাথমিক প্রাপক হিচাপে ইফিচীয়া মণ্ডলী পৌলে স্পষ্ট ইঙ্গিত দিয়ে যে তেওঁৰ উদ্দীষ্ট পাঠকসকল অনা-যিহূদী আছিল। ইফিচীয়া 2:11-13 পদত, তেওঁ স্পষ্টভাবে কৈছে যে, তেওঁলোক “জন্মৰ দ্বাৰা অনা-যিহূদী” (2:11) আৰু, গতিকে, যিহূদীসকলৰ দ্বাৰ বিবেচিত হওঁক “প্রবাসীসকলৰ প্রতি বিধানৰ প্রতিশ্রুতি” (2:12)। একেদৰে, ইফিচীয়া 3:1 পদত, পৌলে তেওঁৰ উদ্দীষ্ট পাঠকসকলক জানিবলৈ দিছে যে, তেওঁ এজন বন্দী “তোমালোকৰ কাৰণে অনা-যিহূদীসকলৰ ওচৰত”।
উদ্দেশ্য
পৌলে বিচাৰিছিল যে, যিসকলে এই লিখনি গ্রহন কৰিব তেওঁলোকে খ্রীষ্টৰ পৰিপক্কতা পাওক। ইফিচীয়া পুস্তকত আৱদ্ধ হৈ আছে, প্রকৃত ঈশ্বৰৰ সন্তান হিচাপে বিকাশ হ’বলৈ প্রয়োজন হোৱা শৃংখলাৰ বিষয়। ইয়াৰ উপৰিও, ইফিচীয়া পুস্তকে গৱেষনাত শক্তিশালী সহায় দিয়ে আৰু বিশ্বাসীসকলে যাতে তেওঁলোকৰ উদ্দেশ্য পূৰণ কৰিব পাৰে আৰু তেওঁলোকলৈ ঈশ্বৰৰ যি আহ্বান, তাক যাতে স্থাপন কৰিব পাৰে। ইফিচত থকা মণ্ডলীৰ আচৰণ আৰু উদ্দেশ্য বাখ্যাৰ দ্বাৰা তেওঁলোকৰ খ্রীষ্টিয় বিশ্বাসৰ শক্তিক পৌলে বিশ্বাসীসকলত লক্ষ্য কৰিছিল। পৌলে তেওঁলোকৰ পুৰণি ধর্ম, মূৰ-শৰীৰ, পৰিপূৰ্ণতা, ৰহস্য, বয়স, শাসক ইত্যাদি অনা-যিহূদীসকলৰ পৰিচিত বহু শব্দৰ পৰা তেওঁ ইফিচীয়া পত্রত ব্যৱহাৰ কৰিছে। তেওঁ এই শব্দ সমূহ ব্যৱহাৰ কৰি পাঠকসকলৰ ওচৰত প্রদর্শন কৰিব বিচাৰিছে যে, খ্রীষ্ট বহু উর্ধত আৰু আন দেৱতা আৰু আধ্যাত্মিক বিষয় সমূহতকৈ বহু ওখত।
মূল বিষয়
খ্রীষ্টত থকা আশীর্বাদ সমূহ।
প্রান্তৰেখা
1. মণ্ডলীৰ সদস্যসকলৰ বাবে বিধান — 1:1-3:21
2. মণ্ডলীৰ সদস্যসকলৰ কর্তব্যসমূহ — 4:1-6:24

1 অধ্যায়
পৰিত্ৰাণৰ কাৰণে ঈশ্বৰৰ প্ৰশংসা
1 মই পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত এজন পাঁচনি। ইফিচত থকা ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুত বিশ্বাস কৰা পবিত্ৰ লোক সকলৰ সমীপলৈ; 2 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই আপোনালোকক অনুগ্ৰহ আৰু শান্তি দান কৰক।
যীচু খ্রীষ্টত আত্মিক আশীর্বাদ লাভ
3 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্রশংসা হওক। তেওঁ স্বর্গীয় ঠাইবোৰত থকা সকলো আত্মিক আশীর্বাদেৰে সৈতে খ্রীষ্টত আমাক আশীর্বাদ কৰিলে। 4 জগত সৃষ্টিৰ পূর্বতে ঈশ্বৰে খ্রীষ্টত বিশ্বাস কৰা সকলক মনোনীত কৰিলে। আমি যেন ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ আৰু নিষ্কলঙ্ক হওঁ, এই কাৰণে তেওঁ আমাক মনোনীত কৰিলে। 5 ঈশ্বৰে প্রেমৰ দ্বাৰাই পূর্বৰে পৰা আমাক যীচু খ্রীষ্টৰ মাধ্যমেদি নিজৰ তোলনীয়া সন্তান ৰূপে নিৰূপণ কৰিলে। এই কার্য ঈশ্বৰে আনন্দেৰে নিজৰ মনোবাঞ্ছাৰে সম্পন্ন কৰিলে। 6 ঈশ্বৰে এই সকলো কৰিলে, যাতে তেওঁৰ প্ৰিয় যীচু খ্রীষ্টত আমাক যি অনুগ্ৰহ বিনামূল্যে দান কৰিলে, সেই গৌৰৱময় অনুগ্ৰহৰ প্ৰশংসা হয়। 7 কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ। 8 সেই অনুগ্ৰহ তেওঁ আমালৈ সকলো জ্ঞান আৰু বুদ্ধিত উপচাই দিলে।

9 খ্রীষ্টত কার্য সম্পন্ন কৰাৰ পৰিকল্পনাৰে ঈশ্বৰে নিজ ইচ্ছা অনুসাৰে তেওঁৰ পৰিকল্পনাৰ গোপনীয়তা আমাৰ আগত প্রকাশ কৰিলে। 10 ঈশ্বৰে স্থিৰ কৰি ৰাখিছিলে যে নিৰূপিত সময় পূর্ণ হলে পৰিকল্পনাৰ কার্য-সাধনৰ অর্থে তেওঁ স্বৰ্গত আৰু পৃথিৱীত থকা সকলোকে মিলন কৰাই খ্ৰীষ্টৰ অধীনলৈ আনিব। 11 ঈশ্বৰে নিজৰ ইচ্ছাৰ মন্ত্রণা অনুসাৰে সকলো কার্য সাধন কৰে। তেওঁৰ পৰিকল্পনাৰ দৰে আগেয়ে যি যি স্থিৰ কৰি ৰাখিছিল, সেইদৰেই তেওঁ আমাক খ্রীষ্টত মনোনীত কৰি ললে। 12 আমি যি সকলে আগেয়ে খ্ৰীষ্টত আশা ৰাখিছো, সেই সকলৰ পৰাই যেন তেওঁৰ মহিমাৰ প্ৰশংসা হয়, সেই বাবেই তেওঁ আমাক মনোনীত কৰি ললে। 13 আপোনালোকেও খ্রীষ্টতে সত্যৰ বাক্য, পৰিত্রাণ লাভৰ শুভবার্তা শুনি তেওঁত বিশ্বাস কৰিলে। আপোনালোকক উত্তৰাধিকাৰৰ অর্থে ঈশ্বৰৰ প্ৰতিজ্ঞাযুক্ত পবিত্ৰ আত্মাৰে মোহৰ মৰা হ’ল। 14 ঈশ্বৰে যি সকলো প্রতিজ্ঞা কৰিছে, সেই সকলো প্ৰতিজ্ঞা সম্পূর্ণকৈ প্রাপ্তি নোহোৱালৈকে সেই আত্মা আমাৰ উত্তৰাধিকাৰৰ বইনা স্বৰূপ হৈ আছে। এই সকলোবোৰৰ দ্বাৰাই ঈশ্বৰৰ মহিমাৰ প্রশংসা হব।

খ্ৰীষ্টত আশ্রয় লোৱা সকলৰ পৰমার্থিক সৌভাগ্য
15 এই কাৰণে মই যেতিয়া প্ৰভু যীচুত আপোনালোকৰ বিশ্বাসৰ কথা আৰু ঈশ্বৰৰ মনোনীত পবিত্র লোক সকলৰ প্রতি আপোনালোকৰ প্ৰেমৰ কথা শুনিলো, 16 তেতিয়াৰে পৰা মই আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিবলৈ আৰু মোৰ প্ৰাৰ্থনা কালত আপোনালোকৰ নাম উল্লেখ কৰিবলৈ ৰখা নাই। 17 মই এই প্রার্থনা কৰোঁ যে, আপোনালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ অর্থাৎ সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ব-জ্ঞান প্রকাশ কৰক। 18 ঈশ্বৰৰ আমন্ত্রণৰ যি আশা আৰু মনোনীত পবিত্র লোক সকলৰ মাজত তেওঁৰ যি উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন, তাক আপোনালোকৰ হৃদয়ৰ ঐশ্বৰিক চকুৱে যেন দেখা পায়; 19 লগতে ঈশ্বৰৰ শক্তিৰ কার্যসাধক গুণ অনুসাৰে বিশ্বাস কৰা যি আমি, আমাৰ মাজত তেওঁৰ শক্তিৰ যি অতিৰিক্ত মহাশক্তিয়ে কার্য কৰিছে, সেই বিষয়েও যেন আপোনালোকে জানিব পাৰে। 20 সেই মহাশক্তিৰেই তেওঁ মৃত লোকৰ মাজৰ পৰা খ্রীষ্টক তুলিলে আৰু নিজৰ সোঁ হাতে স্বর্গীয় ঠাইত বহুৱালে। 21 সকলো শাসন, ক্ষমতা, পৰাক্ৰম, আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায়, সেই সকলো নামৰ উর্দ্ধত খ্রীষ্টৰ নাম স্থাপিত হ’ল। 22 ঈশ্বৰে সকলোকে খ্রীষ্টৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে; 23 সেই মণ্ডলী তেওঁৰ শৰীৰ; তেওঁৰ পৰিপূর্ণতাই সকলো বিষয় সকলো প্রকাৰে পূর্ণ কৰে।

ইফিচীয়া পত্ৰ 2 ->