4 ঈশ্বৰৰ আগত সংকল্প কৰিলে, তাক সিদ্ধ কৰিবলৈ পলম নকৰিবা; কিয়নো তেওঁ অজ্ঞানসকলত সন্তোষ নাপায়। তুমি যি সংকল্প কৰা, তাক সিদ্ধ কৰা। 5 সেয়ে সংকল্প কৰি সিদ্ধ নকৰাতকৈ সংকল্প নকৰাই ভাল। 6 তোমাৰ মুখে যেন তোমাৰ শৰীৰক পাপৰ পথলৈ লৈ নাযায়; “মোৰ সংকল্প কৰা ভুল হ’ল” এই কথা প্রার্থনা গৃহৰ পুৰোহিতৰ আগত নকবা; মিছা সংকল্পৰে তোমাৰ কথাৰ কাৰণে তোমাৰ হাতৰ কাৰ্য নষ্ট কৰিবলৈ ঈশ্বৰক কিয় ক্ৰোধিত কৰা? 7 কিয়নো অধিক সপোন আৰু অধিক কথাৰ সৈতে অসাৰতা আহে; কিন্তু তুমি ঈশ্বৰক ভয় কৰিবা।
11 ধন-সম্পত্তি বাঢ়িলে খাওঁতাও বাঢ়ে; এতেকে তাক চকুৰে দেখাৰ বাহিৰে সেই সম্পত্তিত গৰাকীৰ কি লাভ? 12 যি জনে পৰিশ্রম কৰে, তেওঁ কম খাওঁক বা বেচি খাওঁক, তেওঁৰ টোপনি ভাল হয়। কিন্তু ধনৱানৰ অধিক ধন-সম্পত্তিয়ে তেওঁক টোপনি যাব নিদিয়ে।
13 সূৰ্যৰ তলত মই এক ভীষণ দুখৰ বিষয় দেখিলোঁ:
16 ইও এক ভীষণ দুখৰ বিষয় যে, এজন ব্যক্তি যেনেকৈ আহে, তেনেকৈয়ে গুছি যায়; সেয়ে তেওঁৰ কি লাভ? তেওঁতো বতাহক ধৰিবলৈহে পৰিশ্ৰম কৰে। 17 তেওঁ অতি পীড়িত হৈ ৰোগ-ব্যাধি আৰু খঙেৰে জীৱন কটায় আৰু গোটেই জীৱনকাল আন্ধাৰত বসবাস কৰে[b]।
18 তাৰ পাছত মই উত্তম আৰু উপযুক্তভাৱে থাকিবৰ বাবে ইয়াকে বুজিব পাতিলোঁ: ঈশ্বৰে যি কেইটা দিন মানুহক জীয়াই থাকিবলৈ দিছে, সেই সকলো দিনত খোৱা-বোৱা কৰি থাকিবলৈ আৰু সূর্যৰ তলত কৰা সকলো পৰিশ্রমেৰে সৈতে সন্তুষ্ট উপভোগ কৰিবলৈ দিছে; কিয়নো এয়ে আমাৰ কার্য। 19 তেনেকৈয়ে ঈশ্বৰে কোনো মানুহক ধন-সম্পত্তি দিয়ে আৰু সেইবোৰ ভোগ কৰিবলৈ দিয়ে; নিজৰ কাৰণে প্রাপ্যৰ অংশ পাবলৈ সমর্থৱান কৰে আৰু নিজৰ পৰিশ্রমত আনন্দ কৰিবলৈ দিয়ে; এই সকলোও ঈশ্বৰৰ এক দান। 20 তেওঁ নিজৰ আয়ুসৰ দিনবোৰৰ কথা মনলৈ নানে, কিয়নো ঈশ্বৰে তেওঁৰ মনত আনন্দ দি তেওঁক ব্যস্ত ৰাখে।
<- উপদেশক 4উপদেশক 6 ->