10 আপোনালোকে কোনো নগৰ আক্রমণ কৰিবলৈ যাওঁতে, প্ৰথমতে সেই ঠাইৰ লোকসকলৰ ওচৰত শান্তিৰ প্রস্তাৱ আগবঢ়াব। 11 যদি তেওঁলোকে প্রস্তাৱ গ্রহণ কৰে আৰু তেওঁলোকৰ দুৱাৰবোৰ আপোনালোকলৈ মুকলি কৰি দিয়ে, তেন্তে সেই ঠাইৰ সকলো লোক আপোনালোকৰ অধীনত ক্রীতদাস হ’ব আৰু আপোনালোকৰ কাৰণে কার্য কৰিবলৈ বাধ্য হ’ব। 12 কিন্তু যদি শান্তিৰ প্রস্তাৱ প্রত্যাখান কৰে আৰু তাৰ পৰিবর্তে আপোনালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তেতিয়া আপোনালোকে সেই নগৰ অৱৰোধ কৰিব। 13 আপোনালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া আপোনালোকক জয়ী কৰিব আৰু সেই ঠাই আপোনালোকৰ হাতত তুলি দিব, তেতিয়া নগৰৰ সকলো পুৰুষকে আপোনালোকে বধ কৰিব। 14 কিন্তু মহিলাসকলক, শিশুসকলক আৰু পশুপাল আদি কৰি সেই নগৰত থকা আন সকলো বস্তু আপোনালোকে লুটদ্রব্যৰ সামগ্রীৰূপে নিজৰ কাৰণে নিব পাৰিব। শত্রুবোৰৰ দেশৰ পৰা লুট কৰা যি সকলো বস্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিব, তাক আপোনালোকে ভোগ কৰিব পাৰিব। 15 যিবোৰ নগৰ আপোনালোকৰ দেশৰ পৰা অনেক দূৰৈত আছে, যিবোৰ আপোনালোকৰ ওচৰৰ জাতিবোৰৰ নগৰ নহয়, সেইবোৰৰ প্রতি আপোনালোকে সেইদৰে কৰিব। 16 কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে এই জাতিবোৰৰ যি সকলো নগৰ আপোনালোকক দিব, সেইবোৰ ঠাইৰ কোনো প্ৰাণীকে আপোনালোকে জীৱিত নাৰাখিব; 17 কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আপোনালোকে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলক সম্পূর্ণভাৱে ধ্বংস কৰি পেলাব। 18 এনে নহওঁক যে যি ঘৃণনীয় কার্য তেওঁলোকে নিজৰ দেৱতাবোৰৰ পূজাৰ উদ্দেশ্যে কৰে, সেইবোৰ আপোনালোককো শিকাব। তাতে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিব। 19 আপোনালোকে অনেক দিন ধৰি যেতিয়া কোনো নগৰ অৱৰোধ কৰি ৰাখি অধিকাৰ কৰিবলৈ যুদ্ধ কৰি থাকিব, তেতিয়া তাত থকা গছবোৰ কুঠাৰৰে কাটি নষ্ট নকৰিব। কিয়নো সেই গছবোৰৰ ফল আপোনালোকে খাব পাৰিব। সেয়ে আপোনালোকে গছবোৰ নাকাটিব। পথাৰৰ গছবোৰ জানো মানুহ যে, সেইবোৰক আপোনালোকে অৱৰোধ কৰিব?
20 কিন্তু যিবোৰ গছৰ ফল খাব পৰা নাযায় বুলি জানিব, কেৱল তেনে গছহে কাটি নষ্ট কৰিব পাৰিব আৰু যি ঠাইৰ লোকসকলে আপোনালোকৰ লগত যুদ্ধ কৰিব, তেওঁলোকৰ পতন নোহোৱালৈকে সেই গছবোৰক আপোনালোকে আত্মৰক্ষাৰ গড় কৰি ব্যৱহাৰ কৰিব পাৰিব।
<- দ্বিতীয় বিৱৰণ 19দ্বিতীয় বিৱৰণ 21 ->