8 স্তিফানে ঈশ্বৰৰ অনুগ্ৰহ আৰু শক্তিৰে পৰিপূর্ণ হৈ লোক সকলৰ মাজত বহু অলৌকিক আৰু আচৰিত কার্য কৰিবলৈ ধৰিলে। 9 কিন্তু লিবর্ত্তীন নামৰ সমাজৰ কেইজনমান ব্যক্তিৰ লগতে কুৰীণীয়, আলেকজেন্দ্রিয়া, কিলিকিয়া আৰু এচিয়া, এই ঠাই সমূহৰ পৰা অহা কিছুমান ব্যক্তিয়ে স্তিফানৰ সৈতে তর্ক কৰিলে।*লিবর্ত্তীন হৈছে ইহুদী লোক যি সকলে এটা নাম-ঘৰত গোট খায়। তেওঁলোক আগেয়ে দাস আছিল, কিন্তু মুক্ত কৰা হৈছিল। অনেকৰ মতে এওঁলোক পূর্বে ৰোমীয় আছিল।10 কিন্তু স্তিফানে যি জ্ঞান আৰু আত্মাৰে কথা কলে, সেই কথাক তেওঁলোকে প্ৰতিৰোধ কৰিব নোৱাৰিলে। 11 তেতিয়া তেওঁলোকে কিছুলোকক গুপুতে উচটাই এই বুলি কবলৈ দিলে যে, “আমি শুনিছোঁ স্তিফানে মোচি আৰু ঈশ্বৰক নিন্দা কৰিছে।” 12 এনেদৰে তেওঁলোকে জনসাধাৰণ, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলক উত্তেজিত কৰি তুলিলে আৰু তেওঁলোকে স্তিফানক ধৰি মহাসভালৈ আনিলে। 13 তেওঁলোকে মিছা সাক্ষী দি থিয় কৰালে আৰু ক’লে, “এই মানুহ জনে পবিত্ৰ স্থান আৰু বিধানৰ বিৰুদ্ধে কথা কবলৈ নেৰে। 14 কিয়নো আমি তেওঁক কোৱা শুনিছো যে, এই নাচৰতীয়া যীচুৱে এই ঠাই নষ্ট কৰিব আৰু মোচিয়ে আমাক দিয়া বিধানও সলনি কৰিব।” 15 তেতিয়া সভাত বহা সকলোৱে তেওঁলৈ একেথৰে চাই থাকিল আৰু স্তিফানৰ মুখ স্বৰ্গৰ দূতৰ মুখৰ নিচিনা দেখিলে।
<- পাঁচনি সকলৰ কৰ্ম 5পাঁচনি সকলৰ কৰ্ম 7 ->
*6 অধ্যায়:9লিবর্ত্তীন হৈছে ইহুদী লোক যি সকলে এটা নাম-ঘৰত গোট খায়। তেওঁলোক আগেয়ে দাস আছিল, কিন্তু মুক্ত কৰা হৈছিল। অনেকৰ মতে এওঁলোক পূর্বে ৰোমীয় আছিল।