Link to home pageLanguagesLink to all Bible versions on this site

2 চমূৱেল
গ্রন্থ ৰচয়িতা
2 চমুয়েল পুস্তকত লিখক হিচাপে কোনো লোকক চিহ্নিত কৰা নাই। তেওঁৰ মৃত্যুৰ পাছত ভাববাদী চমুয়েল এই পুস্তকৰ লিখক হ’ব নোৱাৰে। মূলত 1 আৰু 2 চমুয়েল পুস্তক আচলতে এখন পুস্তকহে আছিল। চেপ্টুয়েজিণ্টৰ অনুবাদক সকলে ইয়াক দুখন কিতাপ হিচাপে বিভাগ কৰে। তাৰ পাছত এই প্রথম পুস্তক চৌলৰ মৃত্যুৰ লগত শেষ হয়, আৰু দ্বিতীয় পুস্তক খন আৰম্ভ হয় দায়ুদৰ ৰাজত্বৰ সৈতে, ইয়াতে আছে দায়ুদে কেনেকৈ যিহূদা ফৈদৰ পৰা ৰজা হ’ল আৰু পাছত সমুদায় ইস্রায়েলৰ ৰজা হ’ল সেই বিষয়ে।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 1050-722 খ্রীষ্টপূর্বৰ মাজভাগ।
এই পুস্তক খন বেবিলনৰ নির্বাসনত থকা সময়ৰ দ্বিতীয় বিৱৰণ সম্বন্ধীয় ইতিহাসৰ দৰে ইয়াৰ প্রথম অংশ লিখা হৈছিল।
প্রাপক
কিছু কিছু ক্ষেত্রত, এই পুস্তকৰ মূল শ্রোতাসকল আছিল ইস্রায়েলীসকল, যিসকলে দায়ুদ আৰু চলোমনৰ ৰাজত্ব কালত বসবাস কৰিছিল, আৰু একেদৰে তেওঁলোকৰ বংশধৰসকল।
উদ্দেশ্য
2 চমূৱেল হ’ল ৰজা দায়ুদৰ ৰাজত্বকালৰ তথ্য। এই পুস্তক খনৰ বিভিন্ন ঠাইত দায়ুদৰ ঐতিহাসিক প্রেক্ষাপটৰ বিধান আছে। দায়ুদে যিৰূচালেমক ইস্রায়েলৰ ধর্মীয় আৰু ৰাজনৈতিক কেন্দ্র হিচাপে গঢ়ি তুলিছিল (2 চমুয়েল 5:6-12; 6:1-17)। যিহোৱাৰ বাক্য উভয়ে (2 চমুয়েল 7:4-16) আৰু দায়ুদৰ বক্তব্য (2 চমুয়েল 23:1-7) ঈশ্বৰে দিয়া ৰাজ্যৰ গুৰুত্ব অপৰিসীম। ইয়াৰ উপৰিও ভাববাদীযুক্ত মছীহৰ সহস্রাব্দ প্রভুত্বৰ প্রতি নির্দেশ দিয়া আছে।
মূল বিষয়
একত্রীকৰণ
প্রান্তৰেখা
1. দায়ুদৰ ৰাজত্বৰ উত্থান — 1:1-10:19
2. দায়ুদৰ ৰাজত্বৰ পতন — 11:1-20:26
3. পৰিশিষ্ট — 21:1-24:25

1 অধ্যায়
দায়ূদে চৌলৰ মৃত্যু-সম্বাদ পোৱা। তেওঁ কৰা বিলাপৰ গীত।
1 চৌলৰ মৃত্যুৰ পাছত, দায়ূদে অমালেকীয়া সকলক বধ কৰি ঘূৰি আহিল আৰু চিক্লগত দুদিন থাকিল। 2 পাছত তৃতীয় দিনত, চৌলৰ সেনাবাহিনীৰ ছাউনিৰ পৰা ফলা কাপোৰেৰে সৈতে এজন মানুহ আহিল; তেওঁৰ মুৰত মাটি লাগি আছিল। তেওঁ দায়ূদৰ ওচৰলৈ আহি শিৰনত হৈ প্রণাম কৰিলে।

3 তেতিয়া দায়ূদে তেওঁক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেওঁ উত্তৰ দি ক’লে, “মই ইস্ৰায়েলৰ সেনা ছাউনিৰ পৰা পলাই আহিছোঁ।” 4 দায়ূদে তেওঁক সুধিলে, “তাত কি হ’ল, সেই বিষয়ে মোক কোৱাচোন।” তেওঁ ক’লে, “লোকসকল যুদ্ধৰ পৰা পলাল, অনেক পতিত হ’ল। লোকসকলৰ মাজত অনেক লোক মৰিল। চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰো মৃত্যু হ’ল।” 5 তেতিয়া দায়ূদে সেই সম্বাদ দিয়া ডেকা লোক জনক সুধিলে, “চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ যে মৃত্যু হ’ল, সেই বিষয়ে তুমি কেনেকৈ জানিলা?”

6 তেতিয়া সেই ডেকা লোক জনে ক’লে, “ঘটনাক্ৰমে মই গিলবোৱা পৰ্ব্বতত আছিলোঁ আৰু তাতে চৌলে বৰছাৰ ওপৰত ভৰ দি আছিল আৰু ৰথ ও অশ্বাৰোহীসকলে তেওঁৰ পাছে পাছে বৰকৈ খেদি খেদি প্রায় তেওঁৰ ওচৰ চাপি আহিছিল। 7 তেতিয়া তেওঁ ঘূৰি মোক দেখি মাতিলে। তেতিয়া মই উত্তৰ দি ক’লো, “মই ইয়াত আছোঁ৷”

8 তেওঁ মোক সুধিলে, “তুমি কোন?” মই তেওঁক ক’লো, “মই এজন অমালেকীয়া লোক।” 9 তেতিয়া তেওঁ মোক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ ওচৰত থিয় হৈ মোক বধ কৰা কাৰণ মোক শিৰামূৰিয়ে ধৰিছে, যদিও মোত এতিয়াও প্ৰাণ আছে।” 10 তেতিয়া মই গৈ তেওঁৰ ওচৰত থিয় হৈ তেওঁক বধ কৰিলোঁ; কিয়নো তেওঁ পৰাজিত হোৱাৰ পাছত যে পুনৰ তেওঁ আৰু জীয়াই নাথাকিব, সেই বিষয়ে মই নিশ্চয়ে জানিছিলোঁ৷ এতিয়া মই তেওঁৰ মূৰৰ কিৰীটি আৰু বাহুৰ বাজু লৈ, এই ঠাইত মোৰ প্ৰভুৰ ওচৰলৈ লৈ আহিছোঁ।”

11 তেতিয়া দায়ূদে নিজ কাপোৰ ধৰি ফালিলে আৰু তেওঁৰ লগৰ আটাই লোকসকলেও সেই দৰে কৰিলে। 12 চৌল, তেওঁৰ পুত্ৰ যোনাথন আৰু যিহোৱাৰ প্ৰজা ইস্ৰায়েল বংশ তৰোৱালত পতিত হোৱাৰ বাবে তেওঁলোকে শোক কৰি কৰি কান্দিলে আৰু সন্ধ্যালৈকে লঘোনে থাকিল। 13 পাছত দায়ূদে সেই বাতৰি অনা ডেকা মানুহজনক ক’লে, “তুমি ক’ৰ মানুহ?” তেওঁ উত্তৰ দি ক’লে, “মই এজন প্রবাসী অমালেকীয়া মানুহ।”

14 দায়ূদে তেওঁক ক’লে, “তুমি যিহোৱাৰ অভিষিক্তজনক বধ কৰিবৰ অৰ্থে নিজ হাত মেলিবলৈ ভয় নকৰিলা, ই কেনে কথা?” 15 দায়ূদে ডেকাসকলৰ মাজৰ এজনক মাতি এই আজ্ঞা দি ক’লে, “তুমি ওচৰলৈ গৈ তেওঁক বধ কৰা।” গতিকে সেই লোকজনে গৈ তেওঁক প্ৰহাৰ কৰি আঘাত কৰিলে৷ তাতে সেই অমালেকীয়াজনৰ মৃত্যু হ’ল। 16 তেতিয়া দায়ূদে সেই মৃত অমালেকীয়াজনক ক’লে, “তোমাৰ ৰক্তপাতৰ দোষ তোমাৰ নিজ মূৰতেই থাকক; কিয়নো, ‘ময়েই যিহোৱাৰ অভিষিক্ত জনক বধ কৰিলোঁ’ এইবুলি তোমাৰ নিজ মুখেৰেই নিজৰ বিৰুদ্ধে সাক্ষ্য দিলা।”

17 তেতিয়া দায়ূদে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন, এই মৃতকেইজনৰ বিষয়ে বিলাপেৰে গীত গালে। 18 তেওঁ যিহূদাৰ সন্তান সকলক এই ধনুগীত শিকাবলৈ দিলে; চোৱা, যি গীত যাচেৰ পুস্তকখনিত লিখা আছে।

19 হে ইস্ৰায়েল, তোমাৰ উচ্চস্থানবোৰত ৰত্ন দুটি বধ কৰা হ’ল!
হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল!
20 গাত’ত এই বিষয় প্ৰকাশ নকৰিবা,
অস্কিলোনৰ বাটত এই বিষয় প্ৰচাৰ নকৰিবা;
কৰিলে পলেষ্টীয়াসকলৰ জীয়ৰীসকলে আনন্দ কৰিব,
অচুন্নৎসকলৰ জীয়ৰীসকলে উল্লাস কৰিব।
21 হে গিলবোৱা পৰ্ব্বত,
তোমাৰ ওপৰত নিয়ৰ বা বৰষুণ নহওক,
বা উত্তোলনীয় নৈবেদ্যৰ পথাৰ নহওঁক,
কিয়নো সেই ঠাইত বীৰসকলৰ ঢাল পেলোৱা হ’ল।
তেলেৰে অভিষিক্ত নোহোৱা চৌলৰ ঢাল পেলোৱা হ’ল৷
22 হত হোৱা লোকসকলৰ তেজ আৰু বীৰসকলৰ দেহৰ পৰা যোনাথনৰ ধনু বিমুখ নহৈছিল, চৌলৰ তৰোৱালো শুদাই ঘূৰি নাহিছিল।
23 চৌল আৰু যোনাথন, জীৱন কালত প্ৰিয় আৰু সন্তোষজনক আছিল,
আৰু মৰণৰ কালতো তেওঁলোক পৃথক নহ’ল;
তেওঁলোক ঈগল পক্ষীতকৈয়ো বেগী আছিল,
তেওঁলোক সিংহতকৈয়ো বলৱান আছিল।
24 হে ইস্ৰায়েলৰ জীয়ৰীসকল, চৌলৰ বাবে ক্ৰন্দন কৰা,
তেওঁ তোমালোকক ৰঙা বৰণীয়া বস্ত্ৰ পিন্ধাই ভূষিত কৰিছিল,
তেওঁ তোমালোকৰ বস্ত্ৰৰ ওপৰত সোণৰ অলঙ্কাৰ পিন্ধাইছিল।
25 হায় হায়, যুদ্ধৰ মাজত বীৰসকল কেনেকৈ পতিত হ’ল!
তোমাৰ উচ্চ স্থানবোৰত যোনাথন হত হ’ল৷
26 হে মোৰ ভাই যোনাথন, তোমাৰ বাবে মই দুখিত হৈছোঁ৷
তুমি মোলৈ অতি মৰমীয়াল আছিলা৷
নাৰীসকলৰ প্ৰেমতকৈয়ো তোমাৰ প্ৰেম মোৰ পক্ষে চমৎকাৰ আছিল।
27 হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল
আৰু যুদ্ধৰ অস্ত্ৰবোৰ যুদ্ধক্ষেত্ৰত নষ্ট হ’ল!”

2 চমূৱেল 2 ->