5 তেতিয়া মহিলাগৰাকী ইলীচাৰ ওচৰৰ পৰা গুছি গ’ল; তেওঁ নিজৰ ল’ৰা দুটিক লৈ ঘৰত সোমাই দুৱাৰ বন্ধ কৰি দিলে। ল’ৰা দুজনে তেওঁৰ ওচৰলৈ পাত্রবোৰ আনিবলৈ ধৰিলে আৰু তেওঁ সেইবোৰত তেল ঢালিয়েই থাকিল। 6 সকলোবোৰ পাত্ৰ ভৰাৰ পাছত তেওঁ এজন পুতেকক ক’লে, “আন এটা পাত্ৰ লৈ আনা।” ল’ৰাজনে ক’লে, “আৰু একো পাত্ৰই বাকী নাই।” তেতিয়া তেল পৰা বন্ধ হৈ গ’ল।
7 তাৰ পাছত মহিলাগৰাকীয়ে আহি ঈশ্বৰৰ লোকৰ আগত সকলোবোৰ কথা ক’লে; তেওঁ ক’লে, “যোৱা, সেই তেল বেচি তোমাৰ ধাৰ পৰিশোধ কৰা আৰু অৱশিষ্ট যি থাকিব, তাৰে তোমাৰ আৰু ল’ৰাহঁতৰ জীৱিকা চলাবা।”
9 মহিলাগৰাকীয়ে তেওঁৰ স্বামীক ক’লে, “এই যি লোকজন প্রায়ে আমাৰ বাটেদি অহা-যোৱা কৰে, মই এতিয়া বুজিব পাৰিছোঁ যে, তেওঁ ঈশ্বৰৰ এজন পবিত্ৰ লোক। 10 আহঁক না, আমি ছাদৰ ওপৰতে এটি সৰু কোঁঠালি সাজি তাৰ ভিতৰত তেওঁৰ কাৰণে এখন বিচনা, মেজ, চকী আৰু এটা চাকি ৰাখি থওঁ; তাতে তেওঁ আমাৰ ইয়ালৈ আহিলে, সেই কোঁঠালিত থাকিব পাৰিব।”
11 এদিন ইলীচা যেতিয়া পুনৰ আহিছিল, তেওঁ সেই ওপৰ কোঁঠালিত গৈ বিশ্রাম লৈছিল। 12 তেওঁ তেওঁৰ দাস গেহজীক ক’লে, “তুমি সেই চূনেমীয়া মহিলাগৰাকীক মাতা।” তাতে দাসজনে মহিলাগৰাকীক মাতিলে আৰু মহিলাগৰাকী আহি তেওঁৰ আগত থিয় হ’ল। 13 তেতিয়া ইলীচাই তেওঁৰ দাসক ক’লে, “তেওঁক কোৱা, ‘আপুনি আমাৰ কাৰণে এই সকলো কষ্ট কৰিলে, এতিয়া আপোনাৰ কাৰণে আমি কি কৰিব পাৰোঁ? ৰজা বা প্রধান সেনাধ্যক্ষৰ ওচৰত আমি আপোনাৰ কাৰণে কিবা অনুৰোধ কৰিমনে?’ ” উত্তৰত মহিলাগৰাকীয়ে ক’লে, “মই মোৰ নিজৰ পৰিয়ালৰ মাজত ভালে আছোঁ।”
14 ইলীচাই ক’লে, “তেন্তে আমি তেওঁৰ কাৰণে কি কৰিব পাৰোঁ?” গেহজীয়ে উত্তৰ দিলে, “অৱশ্যে, তেওঁৰ কোনো পুত্র নাই আৰু তেওঁৰ স্বামীও বৃদ্ধ হ’ল।” 15 ইলীচাই ক’লে, “তেওঁক মাতি আনা।” তেতিয়া গেহজীয়ে চুনেমীয়ানীক মাতি আনিলে আৰু তেওঁ আহি দুৱাৰ মুখত থিয় হ’ল। 16 ইলীচাই ক’লে, “অহা বছৰৰ এই সময়ত আপুনি কোলাত এটি পুত্ৰ সন্তান ল’বলৈ পাব।” মহিলাগৰাকীয়ে ক’লে, “হে মোৰ প্ৰভু, হে ঈশ্বৰৰ লোক, আপোনাৰ দাসীক মিছা আশা নিদিব।”
17 পাছত মহিলাগৰাকী গর্ভৱতী হ’ল আৰু ইলীচাই যেনেকৈ কৈছিল ঠিক সেইদৰেই পিছৰ বছৰৰ একে সময়ত তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে। 18 ল’ৰাটি ডাঙৰ হ’বলৈ ধৰিলে। এদিন তেওঁৰ পিতৃ যেতিয়া শস্য দোৱা লোকসকলৰ লগত আছিল, তেতিয়া সি তাৰ বাপেকৰ ওচৰলৈ গ’ল। 19 ল’ৰাটিয়ে বাপেকক ক’লে, “ওহ! মোৰ মূৰটো, মোৰ মূৰটো।” বাপেকে এজন দাসক ক’লে, “ইয়াক দাঙি মাকৰ ওচৰলৈ লৈ ব’লা।” 20 সেই দাসে যেতিয়া তাক দাঙি আনি মাকৰ ওচৰত দিলেহি, সি দুপৰীয়া পর্যন্ত মাকৰ কোলাতে বহি থাকিল আৰু তাৰ পাছত তাৰ মৃত্যু হ’ল। 21 তেতিয়া মাকে ল’ৰাটিক ওপৰলৈ নি ঈশ্বৰৰ লোকজনৰ বিচনাত শুৱাই থলে। তাৰ পাছত দুৱাৰ বন্ধ কৰি তেওঁ বাহিৰলৈ ওলাই আহিল। 22 তেওঁ গিৰীয়েকক মাতি ক’লে, “আপুনি এতিয়াই এজন দাস আৰু এটা গাধ মোৰ ওচৰলৈ পঠাই দিয়ক। মই তৎক্ষণাত ঈশ্বৰৰ লোকজনৰ ওচৰলৈ গৈ আকৌ ঘূৰি আহিম।” 23 তেওঁৰ গিৰিয়েকে ক’লে, “তুমি তেওঁৰ ওচৰলৈ আজিয়েই কিয় যাব বিচাৰিছা? আজিটো ন-জোন নহয়, বিশ্ৰামবাৰও নহয়।” তেওঁ উত্তৰ দি’লে, “তাতে ভালেই হ’ব।” 24 তাৰ পাছত তেওঁ গাধৰ ওপৰত আসন সজাই নিজৰ দাসক ক’লে, “সোনকালে চলাই নিয়া; মই নকওঁমানে তুমি লাহে লাহে নচলাবা।”
25 এইদৰে তেওঁ ওলাই গ’ল আৰু কৰ্মিল পৰ্ব্বতত ঈশ্বৰৰ লোকৰ ওচৰলৈ আহিল। ঈশ্বৰৰ লোকে মহিলাগৰাকীক দূৰৈতে দেখি, নিজৰ দাস গেহজীক ক’লে, “সৌৱা, চোৱা, চূনেমীয়া মহিলাগৰাকী; 26 তুমি দৌৰি তেওঁৰ ওচৰলৈ যোৱা আৰু সোধা যে, ‘আপুনি, আপোনাৰ স্বামী আৰু আপোনাৰ ল’ৰাটি সকলোৱে কুশলে আছে নে?’ তাই উত্তৰ দি’লে, “হয় ভালে আছে।”
27 পাছত তেওঁ কর্ম্মিল পৰ্ব্বতত ঈশ্বৰৰ লোকজনৰ ওচৰ পাই তেওঁৰ ভৰিত খামোচি ধৰিলে। তাতে তেওঁক আঁতৰাই আনিবলৈ গেহজী ওচৰ চাপি অহাত, ঈশ্বৰৰ লোকে ক’লে, “তেওঁক অকলে থাকিবলৈ দিয়া; কিয়নো তেওঁৰ মন বিষাদেৰে ভৰা; কিন্তু যিহোৱাই মোৰ পৰা তাক গুপুতে ৰাখিছে, মোক একোকে নজনালে।” 28 মহিলাগৰাকীয়ে ক’লে, “হে মোৰ প্ৰভু, মই জানো আপোনাৰ ওচৰত এটি ল’ৰা খুজিছিলোঁ? মই জানো আপোনাক কোৱা নাছিলো, ‘মোক মিছা আশা নিদিব’?” 29 তেতিয়া ইলীচাই গেহজীক ক’লে, “তোমাৰ কাপোৰ কঁকালত গুজি লৈ মোৰ এই লাখুটিডাল লোৱা আৰু মহিলাগৰাকীৰ ঘৰলৈ যোৱা। কোনো মানুহক লগ পালে, তেওঁক মঙ্গলবাদ নকৰিবা আৰু কোনোবাই মঙ্গলবাদ কৰিলেও তাৰ উত্তৰ নিদিবা। মোৰ লাখুটিডাল ল’ৰাটিৰ মুখৰ ওপৰত ৰাখিবা।” 30 কিন্তু ল’ৰাৰ মাকে ক’লে, “জীৱিত যিহোৱা আৰু আপোনাৰ শপত খাই কওঁ, মই আপোনাক এৰি নাযাওঁ।” সেয়ে ইলীচাই উঠি মহিলাগৰাকীৰ পাছে পাছে যাবলৈ ধৰিলে। 31 গেহজীয়ে তেওঁলোকৰ আগে আগে গৈ ল’ৰাটিৰ মুখৰ ওপৰত সেই লাখুটিডাল ৰাখিলে, কিন্তু কোনো সাৰ-সুৰৰ লক্ষণ পোৱা নগ’ল। সেয়ে, গেহজীয়ে ইলীচাক লগ ধৰিবৰ বাবে উভটি গ’ল আৰু তেওঁক ক’লে, “ল’ৰাটি সাৰ পোৱা নাই।”
32 পাছত ইলীচাই ঘৰলৈ আহি দেখিলে যে, তেওঁৰ বিচনাতে মৃত ল’ৰাটি শুৱাই থোৱা আছে। 33 তেতিয়া তেওঁ অকলেই ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। 34 তাৰ পাছত তেওঁ বিচনাৰ ওপৰত উঠি ল’ৰাটিৰ মুখৰ ওপৰত নিজৰ মুখ, চকুৰ ওপৰত নিজৰ চকু আৰু হাতৰ তলুৱাৰ ওপৰত হাত ৰাখি শুই দিলে; তেওঁ ল’ৰাটিৰ ওপৰত যেতিয়া দীঘল দি পৰিল, তেতিয়া ল’ৰাটিৰ গা গৰম হৈ উঠিল।
35 তাৰ পাছত ইলীচাই নামি আহি ঘৰৰ ভিতৰতে অহা যোৱা কৰি ফুৰিলে; পাছত পুনৰায় বিচনাত উঠি গৈ ল’ৰাটিৰ ওপৰত দীঘল হৈ পৰিল। তাতে ল’ৰাটিয়ে সাতবাৰ হাঁচি মাৰি চকু মেলি চালে! 36 তেতিয়া ইলীচাই গেহজীক মাতি ক’লে, “চূনেমীয়ানীক মাতা!” তাতে গেহজীয়ে তেওঁক মাতি আনিলে। মহিলাগৰাকী কোঁঠালিটোলৈ অহাত ইলীচাই ক’লে, “তোমাৰ ল’ৰাটিক লোৱা।” 37 তেতিয়া মহিলাগৰকী সোমাই আহি তেওঁৰ ভৰিত পৰিল আৰু মাটিত মুখ দি উবুৰি হৈ তেওঁক প্ৰণিপাত কৰিলে। তাৰ পাছত পুতেকক তুলি লৈ তেওঁ বাহিৰলৈ ওলাই গ’ল।