4 পাছত নগৰৰ দেৱালৰ কোনো এক ঠাই ভঙা হ’ল। যদিও কলদীয়াসকলে[a] তেতিয়াও নগৰখন ঘেৰি ৰাখিছিল, তথাপিও ৰাতি যিহূদাৰ সকলো যোদ্ধাই ৰজাৰ উদ্যানৰ ওচৰত থকা দুই দেৱালৰ মাজৰ দুৱাৰেদি পলাই গ’ল আৰু ৰজা অৰাবাৰ ফালে পলাই গ’ল। 5 কলদীয়া সৈন্য সকলে ৰজাৰ পাছত খেদি গৈ যিৰীহোৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথলত তেওঁক ধৰিলে; তেওঁৰ সকলো সৈন্য-সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
6 তেওঁলোকে ৰজা চিদিকিয়াক বন্দী কৰি ৰিব্লাত বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ আনিলে। তাত তেওঁৰ ওপৰত শাস্তিৰ আজ্ঞা দিলে। 7 সৈন্যসকলে চিদিকিয়াৰ চকুৰ সন্মুখতে তেওঁৰ পুত্রসকলক বধ কৰিলে। তাৰ পাছত চিদিকিয়াৰ চকু দুটা কাঢ়ি তেওঁক পিতলৰ শিকলিৰে বান্ধি বেবিলনলৈ লৈ গ’ল।
8 বেবিলনৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ পঞ্চম মাহৰ সপ্তম দিনা, বাবিলৰ ৰজা নবুখদনেচৰৰ ৰজাৰ এজন দাস দেহৰক্ষীৰ অধিনায়ক নবুজৰদান যিৰূচালেমলৈ আহিল। 9 তেওঁ যিহোৱাৰ গৃহত, ৰাজগৃহত আৰু যিৰূচালেমৰ সকলো ঘৰতে জুই লগাই দিলে। নগৰৰ প্রধান প্রধান অট্টালিকাবোৰ জুই দি পুৰিলে। 10 দেহৰক্ষীৰ অধিনায়ক জনৰ অধীনত সকলো বেবিলনীয় সৈন্যদলে যিৰূচালেমৰ চাৰিওফালৰ দেৱাল ভাঙি পেলালে। 11 নগৰত বাকী থকা লোকসকল আৰু যি সকল বেবিলনৰ ৰজাৰ পক্ষত গৈছিল, অৱশিষ্ট সাধাৰণ জনগণ আছিল, তেওঁলোক সকলোকে দেহৰক্ষীৰ অধিনায়ক নবুজৰদানে বন্দী কৰি লৈ গ’ল। 12 কিন্তু দ্ৰাক্ষাবাৰী চোৱা-চিতা আৰু পথাৰবোৰত খেতি কৰিবলৈ কেইজনমান দুখীয়া মানুহক তেওঁ দেশত এৰি থৈ গ’ল।
13 কলদীয়াসকলে যিহোৱাৰ গৃহৰ পিতলৰ স্তম্ভবোৰ, পাত্র থোৱা আধাৰবোৰ আৰু পিতলৰ সমুদ্ৰ-পাত্ৰটো ডোখৰ ডোখৰকৈ ভাঙি সেই পিতল বেবিলনলৈ লৈ গ’ল। 14 তাৰ বাহিৰেও সকলো পিয়লা, হেতা, চাকিৰ শলিতা পৰিস্কাৰ কৰা চেপেনা, চামুচ আৰু মন্দিৰৰ পৰিচৰ্যা কামৰ বাবে ব্যৱহাৰ কৰা পিতলৰ আন-আন সকলো বস্তুও লৈ গ’ল। 15 ছাঁই আঁতৰোৱাৰ পিয়লা, সোণ আৰু ৰূপৰ তৈয়াৰী পাত্রবোৰ আৰু আঙঠা ধৰা, তেজ পেলোৱা পাত্ৰ, সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰৰ ৰূপ, ৰজাৰ দেহৰক্ষীৰ অধিনায়কে লৈ গ’ল। 16 যিহোৱাৰ গৃহৰ কাৰণে চলোমনে যি দুটা স্তম্ভ, সমুদ্ৰ-পাত্ৰ আৰু পাত্র ৰখা আধাৰবোৰ অধিক পিতলৰে তৈয়াৰ কৰিছিল; সেই পিতলৰ ওজন কৰিব পৰা নাছিল। 17 এটা স্তম্ভৰ উচ্চতা আছিল ওঠৰ হাত; তাৰ শীর্ষ মূৰটোত পিতলেৰে নির্মিত এটা গম্বুজ আছিল। সেই শীর্ষভাগৰ চৌদিশ পিতলৰ জালি আৰু ডালিমৰ কাৰুকার্যৰে সজোৱা আছিল আৰু তাৰ উচ্চতা তিনি হাত আছিল। আনটো স্তম্ভও প্রথমটোৰ দৰে জালিৰ কাৰুকার্যৰে একে অাছিল।
20 দেহৰক্ষীৰ অধিনায়ক নবুজৰদানে তেওঁলোকক ৰিব্লাত থকা বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ গ’ল। 21 বেবিলনৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত এই সকলো লোককে বধ কৰিলে। এইদৰে যিহূদাৰ লোকসকলক বন্দী কৰি নিজ দেশৰ পৰা দূৰলৈ লৈ যোৱা হ’ল।
25 কিন্তু সপ্তম মাহত ইলীচামাৰ নাতি, নথনিয়াৰ পুত্র ইশ্মায়েলে দহ জন মানুহক লগত লৈ গদলিয়াৰ লগতে যিহূদাৰ যি সকল লোক আৰু কলদীয়াসকল তেওঁৰ লগত মিস্পাত আছিল, সকলোকে আক্রমণ কৰি বধ কৰিলে। এই ইশ্মায়েল এজন ৰাজবংশীয় লোক আছিল। 26 সেয়ে বেবিলনীয়াসকলৰ ভয়ত যিহূদাৰ সৰুৰ পৰা বৰলৈকে সকলো আৰু সেনাধ্যক্ষসকল মিচৰলৈ গুছি গ’ল।
- a কলদীয়াসকলে বেবিলনীয়া