3 তেওঁ যিহোৱাৰ গৃহৰ ওপৰৰ দুৱাৰ পুনৰায় নিৰ্ম্মাণ কৰিলে আৰু ওফেলৰ গড়ৰ অনেক ঠাই পুনৰায় নিৰ্ম্মাণ কৰিলে৷ 4 আনকি যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত নগৰবোৰ সাজিলে আৰু নানা কাঠনিত দুৰ্গ আৰু ওখ ঘৰবোৰ সাজিলে।
5 তেওঁ অম্মোনৰ সন্তান সকলৰ ৰজাৰ সৈতে যুদ্ধ কৰি তেওঁলোকক পৰাজয় কৰিলে৷ তাতে অম্মোনৰ সন্তান সকলে সেই একে বছৰত তেওঁক এশ কিক্কৰ ৰূপ, দহ হাজাৰ কোৰ ঘেঁহু আৰু দহ হাজাৰ কোৰ যৱ ধান দিলে৷ দ্বিতীয় আৰু তৃতীয় বছৰতো অম্মোনৰ সন্তান সকলে তেওঁক একেদৰেই দিলে।
6 এইদৰে যোথম শক্তিশালী হ’ল, কিয়নো তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে নিজ পথত দৃঢ়তাৰে চলিছিল৷ 7 যোথমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো যুদ্ধ আৰু সকলো স্বভাৱ চৰিত্ৰৰ কথা ইস্ৰায়েল আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে। 8 তেওঁ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল পঁচিশ বছৰ; ৰজা হৈ তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিলে। 9 যোথম তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত, লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে৷ পাছত তেওঁৰ পুত্ৰ আহজ, তেওঁৰ পদত ৰজা হৈছিল।
<- 2 বংশাৱলি 262 বংশাৱলি 28 ->