4 যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ বিধান লঙ্ঘন কৰে; আৰু বিধান-লঙ্ঘন কৰাই পাপ। 5 আপোনালোকে জানে যে, পাপ দূৰ কৰিবলৈ[c] তেওঁ প্ৰকাশিত হ’ল আৰু তেওঁত কোনো পাপ নাই। 6 যি কোনোৱে তেওঁত থাকে, তেওঁ পাপ নকৰে; যি কোনোৱে পাপ কৰে, তেওঁ তেওঁক দেখা নাই আৰু জনাও নাই।
7 হে প্রিয় সন্তানসকল, আপোনালোকক ভুলাবলৈ কাকো নিদিব; যি কোনোৱে ধাৰ্মিকতা আচৰণ কৰে, খ্ৰীষ্ট যেনে ধাৰ্মিক, তেৱোঁ তেনে ধাৰ্মিক হয়। 8 যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ চয়তানৰ;[d] কিয়নো চয়তানে আদিৰে পৰা পাপ কৰি আছে। চয়তানৰ কৰ্ম ধ্বংস কৰিবৰ কাৰণে[e] ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ’ল।
9 যিজন ঈশ্বৰৰ পৰা জন্ম পোৱা হয়, তেওঁ পাপ-আচৰণ নকৰে; কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে৷ তেওঁ পাপ কৰিব নোৱাৰে; কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হ’ল। 10 ইয়াতে প্রকাশ পায় কোন ঈশ্বৰৰ সন্তান আৰু কোন চয়তানৰ সন্তান! যি কোনোৱে ধাৰ্মিকতাৰ আচৰণ নকৰে, তেওঁ ঈশ্বৰৰ সন্তান নহয়। যিজনে নিজ ভায়েকক প্ৰেম নকৰে, তেৱোঁ ঈশ্বৰৰ সন্তান নহয়।
11 কিয়নো আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, এই বার্তা আপোনালোকে আদিৰে পৰা শুনি আছে। 12 আপোনালোক কয়িনৰ নিচিনা নহব। কয়িন চয়তানৰ লোক আছিল আৰু তেওঁ চয়তানৰ পৰা হ’ল আৰু নিজ ভায়েকক বধ কৰিলে।[f] তেওঁ কি কাৰণে নিজ ভাইক বধ কৰিলে? কাৰণ তেওঁৰ কৰ্ম মন্দ আছিল, কিন্তু তেওঁৰ ভায়েক ধাৰ্মিক আছিল।
19 ইয়াৰ দ্বাৰাই আমি জানো যে, সত্যৰ পৰা হওঁ; 20 আৰু আমাৰ অন্তৰে আমাক দোষী কৰিলেও তেওঁৰ উপস্থিতিত আমাৰ অন্তৰ আশ্বাসত থাকিব৷ কাৰণ ঈশ্বৰ আমাৰ হৃদয়তকৈ মহান আৰু তেওঁ সকলো জানে। 21 হে প্ৰিয় সন্তানসকল, আমাৰ হৃদয়ে যদি আমাক দোষী নকৰে, তেনেহলে ঈশ্বৰত আমাৰ নিশ্চয়তা বা আত্মবিশ্বাস আছে; 22 আৰু আমি যিহকে যাচনা কৰোঁ, সেয়ে আমি তেওঁৰ পৰা পাওঁ৷ কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক, সেই কৰ্ম আমি কৰোঁ।
23 তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ নামত আমি যেন বিশ্বাস কৰোঁ আৰু তেওঁ আমাক দিয়া আজ্ঞাৰ দৰে আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, এয়ে তেওঁৰ আজ্ঞা। 24 আৰু যিজনে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে৷ তেওঁ যে আমাৰ লগত থাকে, ইয়াকে তেওঁ আমাক দিয়া আত্মাৰ দ্বাৰাই আমি জানোঁ।
<- 1 যোহন 21 যোহন 4 ->