Link to home pageLanguagesLink to all Bible versions on this site

1 কৰিন্থীয়া
গ্রন্থ ৰচয়িতা
এই পুস্তকৰ হিচাপে পৌলে স্বীকাৰ কৰিছে। (1 কৰিন্থীয়া 1:1-2; 16:21) ইয়াৰ উপৰিও ইয়াক পৌলৰ পত্র বুলি পৰিচিত। পৌলে ইফিচত প্রচাৰ কৰি থাকোতে বা তাৰ কিছু দিন আগত এই পত্র কৰিন্থীয়াসকললৈ বুলি লিখিছিল 1 কৰিন্থীয়া (5:10-11) আৰু কৰিন্থীয়াসকলে এই পত্র বুজি পোৱা নাছিল আৰু এই পত্রটো দীর্ঘ দিন নাথাকিল। এই প্রসংগত “পূর্বৰ পত্র” সম্পূর্ণভাবে ইয়াক জনা নাযায়, কৰিন্থীয়া মণ্ডলীৰ পৰা পৌলে পোৱা প্রথম পত্রৰ উত্তৰ হিচাপে এই পত্রক বিবেচনা কৰা হয়, সেয়ে হয়তো পূর্বৰ পত্ৰ উত্তৰ হিচাপে ইয়াক লিখিলে।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য লিখাৰ সময় প্ৰায় 55-56 খ্রীষ্টাব্দৰ মাজ ভাগ।
এই পত্রখন ইফিচৰ পৰা লিখা হৈছিল (1 কৰিন্থীয়া 16:8)।
প্রাপক
1 কৰিন্থীয়াৰ পঢ়ুৱৈসকল সাধাৰণতে “কৰিন্থত থকা ঈশ্বৰৰ মণ্ডলী”ৰ সদস্যসকল (1 কৰিন্থীয়া 1:2), যদিও পৌলৰ উদ্দেশ্যগত পাঠক হিচাপে অন্তর্ভুক্ত, তথাপি তেওঁৰ লিখনিত কৈছে “যিসকল আমাৰ প্রভু যীচুৰ খ্রীষ্টৰ নামত একত্রিত হোৱা সকলৰ সৈতে সকলো ঠাইতে একত্রিত হোৱা সকললৈ” (1:2)।
উদ্দেশ্য
পৌলে কৰিন্থীয়া মণ্ডলীত বিদ্যমান হোৱা অৱস্থাৰ সম্পর্কত কিছুমান উৎসৰ পৰা তথ্য সংগ্রহ কৰিছিল। তেওঁৰ এই চিঠি লিখাৰ উদ্দেশ্য আছিল তেওঁলোকক নির্দেশনা দিয়া আৰু দুর্বল অঞ্চলত মণ্ডলীক পুনঃস্থাপন কৰা, ভ্রান্ত চর্চাৰ পৰা হোৱা বিভাজন (1 কৰিন্থীয়া 1:10-4:21), পুনৰুত্থান বিষয়ত ভুল শিক্ষা (1 কৰিন্থীয়া 15), অনৈতিকতা (1 কৰিন্থীয়া 5, 6:12-20), আৰু প্রভুভোজৰ অপব্যৱহাৰ (1 কৰিন্থীয়া 11:17-34)। কৰিন্থীয়া মণ্ডলীত থকা দান সমূহ (1:4-7) কিন্তু অপূর্ণাঙ্গ আৰু আধ্যাত্মিক (3:1-4), সেয়ে পৌলে কিদৰে মণ্ডলীৰ মাজত থকা পাপ সমস্যা নিয়ন্ত্রণ কৰা উচিত সেই সম্পর্কে এটা গুৰুত্বপূর্ণ উদাহৰণ প্রদান কৰিছে। বৰং তেওঁ এক অন্ধ দৃষ্টি আৰু সকলো ধৰণৰ অনৈতিকতাৰ দিশত চকু ৰাখি, তেওঁ সমস্যাৰ সমূহৰ সমাধানৰ কথা লক্ষ্য ৰাখি বক্তব্য প্রদান কৰিছে।
মূল বিষয়
বিশ্বাসীসকলৰ আচৰণ।
প্রান্তৰেখা
1. ভূমিকা — 1:1-9
2. কৰিন্থৰ মণ্ডলীত থকা বিভাগ সমূহ — 1:10-4:21
3. নৈতিক আৰু নীতিগত বিভেদ — 5:1-6:20
4. বিবাহৰ মূলনীতি — 7:1-40
5. পাঁচনিকেন্দ্রিক স্বাধীনতা — 8:1-11:1
6. আৰাধনাৰ ওপৰত নির্দেশ — 11:2-34
7. আত্মিক বৰসমূহ — 12:1-14:40
8. পুনৰুত্থানৰ বিষয়ত মতবাদ — 15:1-16:24

1 অধ্যায়
মঙ্গলাচৰণ
1 ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা খ্ৰীষ্ট যীচুৰ আমন্ত্রিত পাঁচনি পৌল আৰু আমাৰ ভাই চোন্থিনিৰ পৰা এই পত্র।
2 এই পত্র কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী; খ্রীষ্ট যীচুৱে পবিত্র কৰি যি সকলক পবিত্র লোক হবলৈ আমন্ত্রণ কৰিলে, তেওঁলোকৰ আৰু সকলো ঠাইতে যি সকল লোকে আমাৰ অর্থাৎ তেওঁলোকৰ আৰু আমাৰো প্ৰভু খ্রীষ্ট যীচুৰ নামত প্রার্থনা কৰে, সেই সকলোৰে সমীপলৈ। 3 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।

4 খ্রীষ্ট যীচুত ঈশ্বৰে যি অনুগ্রহ আপোনালোকক দান কৰিলে, তাৰ কাৰণে মই সদায় মোৰ ঈশ্বৰক ধন্যবাদ দিওঁ। 5 আপোনালোক খ্রীষ্ট যীচুত সকলো বিষয়ত সকলো ধৰণৰ বক্তৃতা দিয়াৰ ক্ষমতাৰে আৰু জ্ঞানত উপচি পৰিছে। 6 তেওঁ আপোনালোকক উপচাই দিছে আৰু এইদৰেই আপোনালোকৰ মাজত খ্রীষ্ট সম্পর্কীয় সাক্ষ্য সত্যৰূপে প্রমাণিত হৈ আছে। 7 সেই কাৰণে আপোনালোকৰ আত্মিক বৰৰ কোনো অভাৱ নাই আৰু আমাৰ প্রভু যীচু খ্রীষ্ট প্রকাশিত হোৱা দিনলৈ আপোনালোকে আগ্রহেৰে অপেক্ষা কৰি আছে। 8 তেওঁ আপোনালোকক শেষলৈকে বলৱন্ত কৰিব, যাতে আমাৰ প্রভু যীচু খ্রীষ্টৰ সেইদিন পর্যন্ত আপোনালোক নিৰ্দোষী, পবিত্ৰ হৈ থাকিব। 9 ঈশ্বৰ বিশ্বাসী; তেৱেঁই আপোনালোকক তেওঁৰ পুত্র, আমাৰ প্রভু যীচু খ্রীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্রণ কৰিছে।

কৰিন্থীয়া মণ্ডলীত অমিলতা
10 কিন্তু মোৰ প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়। 11 মোৰ ভাই-ভনী সকল, মই ক্লোয়ীৰ ঘৰৰ লোক সকলৰ পৰা শুনিবলৈ পাইছো যে, আপোনালোকৰ মাজত নানা বাক-বিতণ্ডা হৈ আছে। 12 এতিয়া মই এই কথা কবলৈ বিচাৰিছোঁ যে, আপোনালোক প্রতিজনে কয় “মই পৌলৰ দলৰ” অথবা “মই আপল্লোৰ দলৰ” নাইবা “মই কৈফাৰ”[a] বা “মই খ্রীষ্টৰ দলৰ।” 13 তেনেহলে খ্রীষ্টক ভাগ কৰা হৈছে নেকি? পৌলক জানো আপোনালোকৰ কাৰণে ক্রুচত দিয়া হৈছিল? আপোনালোকে জানো পৌলৰ নামেৰে বাপ্তিস্ম লৈছিল? 14 মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ যে ক্ৰীষ্প আৰু গায়ৰ বাহিৰে আপোনালোকৰ আন কোনো এজনকো মই বাপ্তিস্ম দিয়া নাই। 15 গতিকে কোনেও কব নোৱাৰিব যে আপোনালোকে মোৰ নামেৰে বাপ্তিস্ম লৈছে। 16 অৱশ্যে হয়, স্তিফানাৰ পৰিবাৰৰ লোক সকলকো মই বাপ্তিস্ম দিছোঁ। এওঁলোকৰ বাহিৰে আন কোনো এজনক বাপ্তিস্ম দিছোঁ বুলি মোৰ মনত নপৰে। 17 কিয়নো খ্রীষ্টই মোক বাপ্তিস্ম দিবৰ কাৰণে নহয়, কিন্তু শুভবার্তা প্রচাৰ কৰিবৰ কাৰণেহে পঠাইছে। খ্রীষ্টৰ ক্ৰুচৰ পৰাক্রম যেন বিফল নহয়, সেয়ে তেওঁ মোক এই শুভবার্তা মানুহৰ জ্ঞানেৰেও প্রচাৰ কৰিবলৈ পঠোৱা নাই।
খ্রীষ্টৰ ক্রুচৰ শুভবার্তাৰ উৎকৃষ্টতা
18 বিনাশৰ পথত চলা লোক সকললৈ ক্ৰুচৰ শিক্ষা মূর্খতা। কিন্তু ঈশ্বৰে পৰিত্ৰাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ। 19 কাৰণ এইদৰে লিখা আছে:
“মই জ্ঞানী সকলৰ জ্ঞান নষ্ট কৰিম;
মই বুদ্ধিমান সকলৰ বুদ্ধি ব্যর্থ কৰিম”[b]

20 কিন্তু জ্ঞানী লোক ক’ত? পণ্ডিত লোকেই বা ক’ত? এই জগতৰ তার্কিক লোক বা ক’ত? ঈশ্বৰে জানো জগতৰ জ্ঞানক মূর্খতালৈ পৰিণত কৰা নাই? 21 সেয়ে ঈশ্বৰৰ নিজ জ্ঞানত যেতিয়া জনিলে যে জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নাজানিলে, তেতিয়া প্রচাৰৰ মূর্খতাৰ দ্বাৰাই যি সকলে বিশ্বাস কৰে, সেই সকলক উদ্ধাৰ কৰাত ঈশ্বৰ সন্তুষ্ট হ’ল। 22 ইহুদী সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে আৰু গ্রীক সকলে প্রজ্ঞাৰ অন্বেষণ কৰে। 23 কিন্তু আমি হ’লে ক্রুচত হত হোৱা খ্রীষ্টৰ সম্বন্ধেহে প্রচাৰ কৰোঁ। ইহুদী লোক সকললৈ এই কথা এক বিঘিনি স্বৰূপ আৰু গ্রীক সকলৰ ওচৰত মূর্খতাস্বৰূপ। 24 কিন্তু ইহুদী লোকেই হওক বা গ্রীক লোকেই হওক, ঈশ্বৰে যি সকলক আমন্ত্রণ কৰিছে, আমি তেওঁলোকৰ ওচৰত খ্রীষ্টক ঈশ্বৰৰ শক্তি আৰু জ্ঞানস্বৰূপে প্রচাৰ কৰোঁ। 25 কাৰণ ঈশ্বৰৰ যি মূর্খতা, সেয়া মানুহৰ জ্ঞানতকৈ অধিক জ্ঞানসম্পন্ন আৰু ঈশ্বৰৰ যি দুর্বলতা, সেয়া মানুহৰ শক্তিতকৈ অধিক শক্তিশালী।

26 ভাই-ভনী সকল, ঈশ্বৰে যে আপোনালোকক আহ্বান কৰিছে, সেই বিষয়ে অলপ ভাৱি চাওক। মানুহৰ বিচাৰত আপোনালোক বহুতেই জ্ঞানী আছিল, এনে নহয়; ক্ষমতাসম্পন্ন ব্যক্তিও যে আছিল, এনে নহয় নাইবা অনেকে যে অভিজাত বংশত জন্মিছিল, তেনেও নহয়। 27 কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰক[c] মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে। 28 জগতত যি তুচ্ছ আৰু ঘৃণিত, যাৰ কোনো মূল্যই নাই, সেই সকলক ঈশ্বৰে মনোনীত কৰিলে যাতে জগতৰ মূল্যৱান সকলক তেওঁ মূল্যহীন কৰিব পাৰে।

29 ঈশ্বৰে এই কাম কৰিলে যাতে কোনো মানুহে তেওঁৰ ওচৰত অহংকাৰ কৰিব নোৱাৰে। 30 কাৰণ ঈশ্বৰৰ কার্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হ’ল। খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান, তেৱেঁই আমাৰ জীৱনৰ ধাৰ্মিকতা, পবিত্রতা আৰু মুক্তি। 31 সেয়েহে শাস্ত্রত লিখা আছে, “যি জনে গর্ব কৰে, তেওঁ প্রভুতেই গর্ব কৰক।”[d]

1 কৰিন্থীয়া 2 ->