6 এওঁলোক এহূদৰ বংশৰ লোক, এওঁলোক গেবাৰ গোষ্ঠীৰ মূৰব্বী আছিল, মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক: 7 নামন, অহিয়া, আৰু গেৰা। তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ব দিছিল। গেৰাৰ পুত্র উজ্জা আৰু অহীহূদ।
8 চহৰয়িমে তেওঁৰ ভাৰ্যা হূচীম আৰু বাৰাক ত্যাগ কৰাৰ পাছত, চহৰয়িম মোৱাব দেশত তেওঁৰ সন্তান সকলৰ পিতৃ হ’ল। 9 তেওঁৰ ভাৰ্যা হোদচৰ পৰা জন্ম হোৱা পুত্র যোবব, চিবিয়া মেচা, আৰু মল্কমৰ তেওঁ পিতৃ হ’ল। 10 যিয়ূচ, চবিয়া, আৰু মিৰ্মা। এওঁলোক তেওঁৰ পুত্র আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল। 11 ইতিমধ্যে তেওঁ হূচীমে জন্ম দিয়া পুত্র অবীটুব আৰু ইল্পালৰ পিতৃ হ’ল।
12 ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল, 13 তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাত নিবাসীসকলক বাহিৰ কৰি দিছিল।
14 এওঁলোক বৰীয়াৰ পুত্র:
19-21 এওঁলোক চিমিয়ীৰ পুত্র:
29 গিবিয়োনৰ পিতৃ যিয়ীয়েল গিবিয়োনত বাস কৰিছিল; তেওঁৰ ভাৰ্য্যাৰ নাম মাখা আছিল। 30 তেওঁৰ প্ৰথমে জন্মা পুত্র আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নাদব, 31 গদোৰ, অহিয়ো, আৰু জেখৰ।
32 আন এজন যিজীয়েলৰ পুত্র মিক্লোত, মিক্লোতৰ পুত্র চিমিয়া। তেওঁলোকে নিজৰ সম্বন্ধীয় সকলৰ ওচৰতে যিৰূচালেমত বাস কৰিছিল। 33 নেৰৰ পুত্র কীচ আছিল।
35 মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ। 36 আহজৰ পুত্র যিহোৱদ্দা।
38 আচেলৰ ছয় জন পুত্র আছিল: অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন। এওঁলোক সকলো আচেলৰ সন্তান। 39 আচেলৰ ভায়েক এচেকৰ প্রথম পুত্র উলম, দ্বিতীয় যিয়ুচ, আৰু তৃতীয় ইলীফেলট। 40 উলমৰ পুত্রসকল যুদ্ধাৰু আৰু ধনুৰ্দ্ধৰ আছিল। তেওঁলোকৰ বহুতো পুত্র আৰু নাতি ল’ৰা আছিল, সৰ্বমুঠ এশ পঞ্চাশ জন। এই সকলো লোকেই বিন্যামীনৰ বংশৰ আছিল।
<- 1 বংশাৱলি 71 বংশাৱলি 9 ->